বিপদত লালু পৰিয়াল! ভূমিৰ বিনিময়ত চাকৰি গোচৰত ৪,৭৫১ পৃষ্ঠাৰ অভিযোগনামা দাখিল ED-ৰ

ভূমিৰ বিনিময়ত চাকৰি প্ৰদান কৰাৰ এক গোচৰত প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)য়ে আজি দাখিল কৰিলে অভিযোগনামা। দিল্লীৰ ৰাউজ এভিনিউ কোৰ্টত দাখিল কৰা ইডিৰ অভিযোগনামাত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী, তেওঁৰ দুই কন্যা ক্ৰমে মীছা ভাৰতী আৰু হেমা যাদৱৰ লগতে আন বহুতৰে নাম উল্লেখ আছে।

এই ঘটনা সন্দৰ্ভত আদালতে অহা ১৬ জানুৱাৰিত শুনানি গ্ৰহণ কৰিব।

জানিব পৰা মতে, ৪,৭৫১ পৃষ্ঠাৰ এই অভিযোগনামাত আৰ জে ডি প্ৰধান লালু প্ৰসাদ যাদৱ পৰিয়ালৰ ঘনিষ্ঠ অমিত কত্যালৰ লগতে আন বহু ঘনিষ্ঠ ব্যক্তিৰ নাম উল্লেখ আছে।

এই কেলেংকাৰি গোচৰত কত্যালক যোৱা বছৰৰ নৱেম্বৰ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। 

উল্লেখ্য যে, এই গোচৰৰ বাবে ইডিয়ে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু লালু যাদৱক বহুবাৰ চমন জাৰি কৰিছিল।

ভূমিৰ বিনিময়ত চাকৰি দিয়াৰ এই কেলেংকাৰি কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দিনত ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত সংঘটিত হৈছিল। সেই সময়ত লালু যাদৱ আছিল কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী।

ভাৰতীয় ৰে’লৱেই নিযুক্তিৰ বাবে নিৰ্ধাৰণ কৰা নীতি-নিয়ম আৰু পদ্ধতি উলংঘা কৰি ৰে’লৱেত অনিয়মিত নিযুক্তি দিয়াৰ অভিযোগ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ।

তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, সেই সময়ত যিসকলে ৰে’লৱেত চাকৰি পাইছিল তেওঁলোকে পোনপটীয়াকৈ বা পৰিয়ালৰ সদস্য বা আত্মীয়ৰ যোগেদি লালু যাদৱ আৰু তেওঁৰ পৰিয়ালৰ লগতে ঘনিষ্ঠ লোকৰ নামত মাটি হস্তান্তৰ কৰিছিল।

Comments (0)
Add Comment