বিধু বিনোদ চোপ্ৰাৰ ’12th ফেইল’ IMDB ত সৰ্বাধিক মূল্যাংকিত ভাৰতীয় চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।’অপেনহেইমাৰ’ আৰু ‘বাৰ্বী’ক চেৰ পেলাই বিক্ৰান্ত মেছী আৰু মেধা শংকৰ অভিনীত 12th ফেইলে বিশ্বজুৰি ৬৭ কোটি টকা উপাৰ্জন কৰে,যি বছৰটোৰ এক আচৰিত হিট হিচাপে পৰিগণিত হয়।
IMDB ৰ শীৰ্ষ ২৫০ খন ভাৰতীয় চলচ্চিত্ৰৰ তালিকাত 12th ফেইলে দহৰ ভিতৰত ৯.২ ৰেটিঙৰ সৈতে ১ নম্বৰ স্থান লাভ কৰিছে। শীৰ্ষ ৫খন চলচ্চিত্ৰৰ আন চাৰিখন হৈছে ১৯৯৩ চনৰ এনিমেটেড চলচিত্ৰ ৰামায়ণঃদ্য লেজেণ্ড অৱ প্ৰিন্স ৰামা,মণিৰত্নমৰ নায়কন,হৃষীকেশ মূখাৰ্জীৰ গোলমাল আৰু অভিনেতা আৰ মাধৱন পৰিচালিত প্ৰথম ছবি ৰকেটৰীঃদ্য নাম্বি ইফেক্ট।অনুৰাগ পাঠকৰ এখন কিতাপ আৰু মনোজ কুমাৰ শৰ্মাৰ জীৱন কাহিনীৰে নিৰ্মিত বোলছবিখন,যি গৰাকীয়ে চৰম দৰিদ্ৰতা অতিক্ৰম কৰি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হয়। চিনেমাখনে যুৱপ্ৰজন্মৰ মাজত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে।