ভাৰত ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই লাগিল অথন্তৰ। মণিপুৰৰ যিখন খেলপথাৰৰ পৰা ৰাহুল গান্ধীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল তাক অনুমতি প্ৰদান কৰা নাই মণিপুৰৰ ৰাজ্য চৰকাৰে।
মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেশম মেঘচন্দ্ৰাই আজি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক সাক্ষাত কৰি ইম্ফলস্থিত পেলেছ গ্ৰাউণ্ডৰ পৰা কংগ্ৰেছৰ ভাৰত ন্যায় যাত্ৰা আৰম্ভ কৰাৰ অনুমতি বিচাৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে পোনচাটেই এই অনুৰোধ নাকচ কৰে।
মেঘচন্দ্ৰাই সংবাদ মাধ্যমৰ আগত কয় যে, মুখ্যমন্ত্ৰীক সন্মত কৰাবলৈ চেষ্টা কৰিছিলো যিদেও তেওঁ মান্তি নহ’ল। মই তেওঁক কৈছিলো যে এই যাত্ৰা ৰাজনৈতিক নহয় লগতে আমি এই যাত্ৰাৰ সময়ত কংগ্ৰেছৰ পতাকা নলও। ইয়াৰ পিছতো মুখ্যমন্ত্ৰীয়ে অনুমতি প্ৰদান নকৰাটো দুৰ্ভাগ্যজনক।
ৰাজ্য চৰকাৰৰ পৰা অনুমতি নোপোৱাত কংগ্ৰেছে এতিয়া বাৰত ন্যায় যাত্ৰা থৌবাল জিলাৰ ব্যক্তিগত সম্পত্তিৰ পৰা আৰম্ভ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে।
উল্লেখ্য যে, মঙলবাৰে (৯ জানুৱাৰী) মুখ্যমন্ত্ৰী বীৰেণ সিঙে কৈছিল যে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতিৰ বাবে সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে। এই সন্দৰ্ভত নিৰাপত্তা সংস্থাৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব।
মণিপুৰৰ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে কংগ্ৰেছৰ নেতা বেণুগোপালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এই যাত্ৰা ৰাজনৈতিক নহয়, সেয়ে চৰকাৰে ইয়াক ৰাজনীতিকৰণ কৰা উচিত নহয়। যাত্ৰাৰ উদ্দেশ্য হ’ল মণিপুৰৰ লোকৰ মাজত ঘৃণাৰ অন্ত পেলাই প্ৰেমৰ বাৰ্তা প্ৰচাৰ কৰা।
উল্লেখ্য যে, ভাৰত জোড়ো যাত্ৰাৰ পিছত এইবাৰ কংগ্ৰেছ দলে ১৪ জানুৱাৰিৰ পৰা ২০ মাৰ্চলৈ আয়োজন কৰিছে ‘ভাৰত ন্যায় যাত্ৰা’।
মণিপুৰৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰা অসম, পশ্চিম বংগ, বিহাৰ, ছত্তীশগড়, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু গুজৰাটসহ মুঠ ১৪খন ৰাজ্যৰ মাজেৰে ৬,২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব।