সুচানা শেথ সন্দৰ্ভত ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য!

সুচানা শেথ সন্দৰ্ভত পোহৰলৈ আহিছে ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য।  আৰক্ষীয়ে সুচানাৰ সন্তানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰ্ণাটকৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ দায়িত্বত থকা চিকিৎসক কুমাৰ নাইকে সংবাদ মাধ্যমৰ আগত কয় যে, গাৰু বা তেনেধৰণৰ আন কিবা সামগ্ৰীৰে মুখত হেঁচা মাৰি ধৰাৰ ফলত শ্বাসৰুদ্ধ হৈ শিশুটিৰ মৃত্যু হ’ব পাৰে। শিশুটিক ডিঙি চেপি হত্যা নাই কৰা যেন লাগে বুলি কয় চিকিৎসকে। শ্বাসৰুদ্ধ হোৱাৰ বাবে শিশুটিৰ মুখ আৰু বুকু ফুলি উঠাৰ লগতে নাকৰ পৰাও তেজ ওলাই। হত্যাকাণ্ড সংঘটিত হোৱা প্ৰায় ৩৬ ঘণ্টাৰ পাছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল আৰক্ষীয়ে ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে, গোৱাৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত চাৰি বছৰীয়া পুত্ৰক হত্যা কৰি সুচানা শেথে আত্মহত্যাৰ চেষ্টা চলাইছিল । হাতৰ শিৰ কাটি নিজকে শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল সুচানা শেথে। চাৰ্ভিচ এপাৰ্টমেণ্টটোৰ মজিয়া আৰু টাৱেলত তেজৰ দাগ লাগি থকাৰ কথাও উল্লেখ কৰে আৰক্ষীয়ে।

শিশুটিৰ মৃতদেহ বেগত ভৰাই সুচানা শেথ গোৱাৰ পৰা কৰ্ণাটকলৈ ৰাওনা হৈছিল । সুচানাই গোৱাত নৈশ যাপন কৰা হোটেলখনৰ পৰা এখন টেক্সি ভাড়া কৰি কৰ্ণাটক অভিমুখে গৈ থকাৰ সময়তে গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুচানা শেথক।

 উল্লেখ্য যে, সুচানা শেথ ২০১৯ চনত এটি পুত্ৰ সন্তানৰ মাতৃ হয়।সন্তান জন্মৰ এবছৰ পাছৰ পৰা অৰ্থাত ২০২০ চনৰ পৰা স্বামী ভেংকট ৰমনৰ সৈতে থকা সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে ।স্বামী-স্ত্ৰীৰ মাজৰ সম্পৰ্ক দিনক দিনে অধিক বেয়া হোৱাৰ ফলত দুয়োজনে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰে । বিবাহ বিচ্ছেদৰ পাছত তেওঁলোকৰ কনমানি পুত্ৰক মাতৃৰ লগত ৰখাৰ অনুমতি দিয়ে আদালতে। অৱশ্যে প্ৰতি দেওবাৰে পিতৃয়ে পুত্ৰক লগ কৰিব পাৰিব বুলিও কয় আদালতে । আৰক্ষীৰ মতে,  পুত্ৰক লগত ৰাখিলেও সুচানা ক্ৰমে আতংকিত হৈ পৰিছিল। সুচানা শেথৰ স্বামী ভেংকটে পুত্ৰৰ তত্ত্বাৱধান ল’বলৈ চেষ্টা চলাব বুলি এক অহেতুক ভয়ে আগুৰি ধৰিছিল সুচানাক।

অকল এনে এক ভয়েই নে আন কিবা কাৰণত  সুচানা শেথে কনমানি পুত্ৰক হত্যা কৰিলে সেইটো পোহৰলৈ আহিব আৰক্ষীৰ তদন্তৰ অন্ততহে ।  

Comments (0)
Add Comment