ভোগালী বিহুলৈ মাজত মাথো কেইবা দিন। গুৱাহাটীৰ পাঠৰকোৱাৰীস্থিত খেলপথাৰত ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি । ভোগালী বিহু উপলক্ষে নিৰ্মাণ কৰা ২ মহলীয়া ভেলাঘৰৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । ভেলাঘৰ চাবলৈ স্থানীয় ৰাইজৰ এতিয়াৰ পৰাই ভিৰ পাথৰকোৱাৰী খেল পথাৰত ।
পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু তিনিদিনীয়াকৈ পালন কৰা হয়। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি পোৰা। গাঁৱৰ ডেকাসকলে নৰা কাটি পুহতে ভেলাঘৰ প্ৰস্তুত কৰে । খেৰৰ নৰাৰে ভেলাঘৰ সাজি গাৱঁৰ ৰাইজে ভেলাঘৰত ভোজভাত খায়। ৰাতিপুৱা হোৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই আৰু জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়।
কংক্ৰীটৰ মহানগৰীত ভোগালী বিহুৰ ব্যাপক আয়োজন । গুৱাহাটীৰ পাঠৰকোৱাৰীস্থিত খেলপথাৰত খেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা হৈছে দুই মহলীয়া ভেলাঘৰ তথা মেজি । প্ৰায় ৪লাখ টকাৰ বাজেটেৰে ভোগালী বিহুৰ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ১০ দিনীয়া কাৰ্যসূচীৰে পাথৰকোঁৱাৰী ভোগালী বিহু উদযাপনৰ প্ৰস্তুতি। অনুষ্ঠিত কৰা হ’ব ভোগালী মেলা, খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠান ।
বিগত বছৰবোৰৰ দৰে এইবেলিও পাথৰকোঁৱাৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে ১০দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৬ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ নাৰেংগী ক্ৰিয়া সন্থাৰ খেলপথাৰত ভোগালী বিহু উদযাপন কৰিবলৈ ব্যাপক তৎপৰতা চলাইছে। ভোগালী বিহু উদযাপন কমিটিৰ উদ্যোগত ভোগালী মেলা, মেজি প্ৰজ্বলন, সৰুৱে জেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ লোৱা পৰম্পৰাগত বিভিন্ন খেল-ধেমালি আদি আয়োজন কৰা হ’ব।