ক্ৰিপ্টোকাৰেন্সী সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসৰ। বৃহস্পতিবাৰে দেশৰ কেন্দ্ৰীয় বেংকে ক্ৰিপ্টোকাৰেন্সীৰ নিয়মৰ ক্ষেত্ৰত আনক অনুসৰণ নকৰে বুলি মন্তব্য শক্তিকান্ত দাসৰ।
মিণ্ট বি এফ এছ আইৰ অনুষ্ঠানত গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে, ক্ৰিপ্টো সন্দৰ্ভত আৰ বি আইৰ স্থিতি এতিয়াও একেই আছে, আমি নিয়মৰ ক্ষেত্ৰত আনক অনুসৰণ নকৰো।
উল্লেখ্য যে, আৰ বি আইৰ গৱৰ্ণৰে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আমেৰিকাত বিটকইন এক্সচেঞ্জ ট্ৰেডেড ফাণ্ডৰ অনুমতি প্ৰদানৰ পাছতে এই কথা উল্লেখ কৰে ।
ক্ৰিপ্টোকাৰেন্সীৰ নিয়ম সন্দৰ্ভত শক্তিকান্ত দাসে কয়, ‘অন্য বজাৰৰ বাবে যিটো ভাল সেইটো আমাৰ বাবে ভাল হ’বই বুলি ক’ব নোৱাৰি।গতিকে ৰিজাৰ্ভ বেংক আৰু মোৰ ব্যক্তিগত মতামত একেই থাকিব।