ধৰ্ষণৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি পোৱা সন্দীপ লামিছানেৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত ক্ৰিকেট ব’ৰ্ডৰ

এগৰাকী ১৮ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপৰাধত ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰা সন্দীপ লামিছানেক নেপাল ক্ৰিকেট সন্থাই নিলম্বন কৰিছে।

বুধবাৰে কাঠমাণ্ডু জিলা আদালতে শাস্তিৰ ৰায়দান দিয়াৰ এদিন পিছতে নেপাল ক্ৰিকেট সন্থাই এই ঘোষণা কৰিছে।

নেপাল ক্ৰিকেট সন্থাই জনোৱা মতে, সন্দীপ লামিছানেক শাস্তি প্ৰদান কৰাৰ পিছত তেওঁক সকলো ধৰণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ পৰা নিলম্বিত কৰা হৈছে।

ইফালে সন্দীপ লামিছানেৰ অধিবক্তা সৰোজ ঘিমিৰে ‘দ্য কাঠমাণ্ডু পোষ্ট’ক জনোৱা অনুসৰি, তেওঁ উচ্চ ন্যায়ালয়ত ইয়াৰ বিৰুদ্ধে আবেদন কৰিব।

কাঠমাণ্ডু আৰক্ষীয়ে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত সন্দীপ লামিছানেক গ্ৰেপ্তাৰ কৰিবলৈ ৱাৰেণ্ট জাৰি কৰিছিল। ইয়াৰ পিছত নেপাল ক্ৰিকেট সন্থাই তেওঁক দলৰ অধিনায়ক হিচাপে নিলম্বন কৰে।

সন্দীপ লামিছানেই গ্ৰেপ্তাৰৰ পূৰ্বে নিজকে নিৰ্দোষী ঘোষণা কৰিছিল আৰু ছ’চিয়েল মিডিয়া চাইট ফেচবুকত লিখিছিল যে তেওঁ ‘তদন্তত সম্পূৰ্ণ সহযোগিতা কৰি নিজৰ নিৰ্দোষীতা প্ৰমাণৰ বাবে আইনী যুঁজ দিব’। সন্দীপ লামিছানেও ইয়াক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল।

নেপালৰ হৈ ১০০ৰো অধিক খেলত ১০০ৰো অধিক উইকেট দখল কৰিছে সন্দীপ লামিছানেই। তেওঁ আই পি এলত দিল্লী কেপিটেলছৰ হৈ খেলা সন্দীপ লামিছানেই ৯খন মেচত ১৩টা উইকেট দখল কৰিছিল।

Comments (0)
Add Comment