৮ মাহ পূৰ্বে মণিপুৰত যি হিংসাৰ জুই জ্বলিছিল সেয়া এতিয়াও নিৰ্বাপন হোৱাৰ নাম লোৱা নাই। ৰাজ্যখনৰ বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ পৰা আহিছে পুনৰ চাঞ্চল্যকৰ খবৰ।
চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া অঞ্চলত খৰি বুটলিবলৈ যোৱা কুম্বী বিধানসভা সমষ্টিৰ চাৰিজন লোক বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে। আৰক্ষীয়ে এই কথা জানিব দিয়ে।
নিৰুদ্দেশ হৈ থকা লোক কেইজনক দাৰা সিং, ইবোমচা সিং, ৰোমেন সিং আৰু আনন্দ সিং বুলি জানিব দিয়ে আৰক্ষীয়ে।
আৰক্ষীয়ে সন্দেহ প্ৰকাশ অনুসৰি, এই চাৰিজন লোকক উগ্ৰপন্থীয়ে বন্দী কৰি থৈছে। ইতিমধ্যে লোক কেইজনক নিৰাপদে উদ্ধাৰ কৰাৰ বাবে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সহায় বিচৰা হৈছে।
ইফালে, বিষ্ণুপুৰ জিলাৰ হাওটাক গাঁৱত উগ্ৰপন্থীয়ে গুলীচালনা আৰু বোমা আক্ৰমণ কৰে। এই আক্ৰমণৰ লগে লগে গাঁওখনৰ ১০০ৰো অধিক মহিলা, শিশু আৰু বৃদ্ধ লোকে সুৰক্ষিত স্থানলৈ পলায়ন কৰিবলৈ বাধ্য হয়।
ঘটনাস্থলত নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈ সাময়িকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও মাজে মাজে এতিয়াও গুলীচালনা হৈ আছে।