বৰ্তমান বলিউডৰ অন্যতম নিপুণ অভিনেতা পংকজ ত্ৰিপাঠী।আৰু কিছুদিন পিছত মুক্তি পাব অভিনেতাগৰাকীৰ নতুন ছবি ‘মে অটল হ্যো’ । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী হিচাপে তেওঁৰ ৰূপ ইতিমধ্যে প্ৰকাশ পাইছে।১৯ জানুৱাৰীত মুক্তি পাব ছবিখন।ফলত তেওঁ ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে। পংকজে বাৰে বাৰে এটা প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁক বিভিন্ন সাক্ষাৎকাৰত সোধা হৈছে যে আচলতে তেওঁৰ ৰাজনীতিৰ প্ৰতি কিবা প্ৰৱণতা আছে নেকি? কলেজীয়া দিনত তেওঁ ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’ৰ সদস্য আছিল। পংকজে কয়,”মই কেতিয়াও মন্ত্ৰী হ’ব বিচৰা নাছিলোঁ। অৱশ্যে ৰাজনীতিৰ পথত থকাৰ হেঁপাহ আছিল। কিন্তু আৰক্ষীৰ মাৰপিটৰ পিছত আৰু গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰাজনীতিৰ সকলো চখৰ অন্ত পৰিল।ইয়াৰ পিছত অধিক সময় নাটক,ক্ৰীড়াত মনোনিৱেশ কৰোঁ।এটা এটা সময়ত ময়ো আন্দোলনত যোগদান কৰিছিলো।আনকি এসপ্তাহ জেলত থাকিবলগীয়া হৈছিল।”