জয়েৰে টি-২০ শৃংখলাৰ অভিযান আৰম্ভ কৰিছে নিউজিলেণ্ডে। পাকিস্তানৰ বিৰুদ্ধে চলা টি-২০ শৃংখলাৰ প্ৰথমখন মেচত আজি নিউজিলেণ্ডে পাকিস্তানক ৪৬ ৰানত পৰাস্ত কৰে।
সুন্দৰ বেটিঙৰ বাবে ডেৰিয়েল মিচেলক মেন অৱ দ্যা মেচ প্ৰদান কৰা হয় যদিও টিম ছাউথীয়ে আজিৰ মেচখনত বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।
অকলেণ্ডত অনুষ্ঠিত মেচখনত ছাউথীয়ে চাৰি অভাৰত ২৫ ৰান খৰচ কৰি চাৰিটা উইকেট লাভ কৰে। তেঁ মহম্মদ ৰিজৱান, ইফটিকাৰ আহমেদ, আব্বাছ আফ্ৰিদী আৰু হাৰিছ ৰউফক আউট কৰে।
উল্লেখ্য যে, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫০টা উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে ছাউথী। ২০০৮ চনৰ পৰা টি-২০ ফৰ্মেটত কিৱি দলৰ হৈ মুঠ ১১৮খন মেচ খেলিছে ছাউথীয়ে।
১১৫টা ইনিংছত ১৫১টা উইকেট লাভ কৰিছে। টি-২০ ক্ৰিকেটত ছাউথীৰ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন ১৮ ৰানৰ বিনিময়ত ৫ উইকেট।