শীতকালত চৰ্দি আৰু ধাৰাবাহিক কাহৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চিৰাপৰ ওপৰত নিৰ্ভৰ কৰে।শীতত ডিঙিত হোৱা অস্বস্তিৰ উপশম দিয়ে চিৰাপে।কফ জমা হ’লে কাহ বেছি হয়। ফলত উশাহ-নিশাহ লোৱাত কষ্ট হয়।কাহৰ চিৰাপে এই সকলোবোৰ সমস্যাৰ অন্ত পেলায়। কিন্তু বেছিভাগ কাহৰ চিৰাপত ‘ডেক্সট্ৰ’মেথ’ৰফেন’ অৰ্থাৎ ‘ডিএক্সএম’ থাকে।যিয়ে মগজুৰ এটা বিশেষ অংশ নিয়ন্ত্ৰণ কৰি কাহ কমোৱাত সহায় কৰে। কিন্তু এজন প্ৰাপ্তবয়স্কৰ শৰীৰত DXM কিমান শোষিত হ’ব পাৰে তাৰ এটা নিৰ্দিষ্ট সীমা থাকে।
১৮ বছৰৰ ওপৰৰ বয়সত প্ৰতিদিনে ১৫-২০ মিলিগ্ৰামকৈ বেছি চিৰাপ খাব নালাগে। শিশুৰ বাবে ইয়াৰ পৰিমাণ আৰু কম। চিকিৎসকৰ মতেও অধিক চিৰাপ সেৱন কৰাটো মাৰাত্মক হ’ব পাৰে।মূৰ ঘূৰোৱা, মানসিক স্থিৰতা হেৰুৱাই পেলোৱা আদি সমস্যাত ভূগিব পাৰে।ইয়াৰ উপৰিও হৃদস্পন্দন বৃদ্ধি, উশাহ লোৱাত কষ্ট,পেটৰ বিষ, অস্থিৰতা,ছাল ৰঙা পৰা, এলাৰ্জি আদি হোৱাৰো আশংকা থাকে। চিকিৎসকৰ মতে চিৰাপত ৬০ মিলিগ্ৰাম বা তাতকৈ অধিক DXM থাকিলে ক’মা বা কেতিয়াবা মৃত্যু পৰ্যন্তও হ’ব পাৰে।