বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ শ্বেখ হাছিনাৰ। ISHAN NEWS… 

পঞ্চমবাৰৰ বাবে  বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৱামি লীগৰ সভাপতি শ্বেখ হাছিনাই। বৃহস্পতিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ বাসগৃহত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান।

শ্বেখ হাছিনাৰ নতুন মন্ত্ৰীসভাত বৈদেশিক মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰে প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হাছান মাহমুদে। ২০১৪ চনত বৈদেশিক মন্ত্ৰীৰ দায়িত্ব লোৱা এ এইচ মাহমুদ আলী বাংলাদেশৰ নতুন বিত্তমন্ত্ৰী। দিপু মণিক শিক্ষা মন্ত্ৰালয়ৰ পৰা অপসাৰণ কৰি সমাজ কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয় । শিক্ষা বিভাগৰ দায়িত্ব অৰ্পন কৰে যুৱ নেতা মহিবুল হাছান চৌধুৰীক । পূৰ্বে শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্বত আছিল মহিবুল হাছান চৌধুৰী৷ গৃহমন্ত্ৰীৰ দায়িত্বত আছাদুজ্জামান খান কমল । বিশিষ্ট চিকিৎসক তথা টেকন’ক্ৰেট সমন্তলাল সেনক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।

ৰাষ্ট্ৰপতিৰ বাসগৃহ বংগভবনত অনুষ্ঠিত  শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ শপত গ্ৰহণৰ পাছতে হাছিনা মন্ত্ৰীসভাৰ ৩৬ জনীয়া কেবিনেটে শপত গ্ৰহণ কৰে।

Comments (0)
Add Comment