ঘন কুঁৱলীত আৱদ্ধ যাত্ৰীবাহী বিমান! বাংলাদেশ পালেগৈ গুৱাহাটীলৈ আহি থকা বিমান । ISHAN NEWS

মুম্বাইৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন যাত্ৰীবাহী বিমানে বাংলাদেশৰ ঢাকাত জৰুৰীভাৱে অৱতৰণ কৰিছে। ঘন কুঁৱলীৰ বাবে গুৱাহাটীৰ বিমানবন্দৰত বিমানখন অৱতৰণ কৰাব নোৱাৰিলে পাইলটে। যাৰ বাবে অসমৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈত ঢাকাত বিমানখন অৱতৰণ কৰোৱা হয়। বিমানখনত থকা এজনো যাত্ৰীৰে নাই পাছপোৰ্ট। এনে পৰিস্থিতিত  সকলো যাত্ৰীয়ে ঢাকা বিমানবন্দৰত বিমানখনৰ ভিতৰতে প্ৰায় ৯ ঘণ্টা ধৰি বহি থাকিবলৈ বাধ্য হয়।

মুম্বাইৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুৰজ সিং ঠাকুৰে সামাজিক মাধ্যম X-ত এই ঘটনাটোৰ বিষয়ে পোষ্ট কৰি কয় যে মই মুম্বাইৰ পৰা গুৱাহাটীলৈ ইণ্ডিগ’ ফ্লাইট 6E 5319 ত ভ্ৰমণ কৰিছিলো। কিন্তু ঘন কুঁৱলীৰ বাবে বিমানখন গুৱাহাটীত অৱতৰণ কৰিব নোৱাৰিলে, যাৰ বাবে বিমানখন ঢাকালৈ ডাইভাৰ্ট কৰা হ’ল। মণিপুৰৰ ইম্ফলত হবলগীয়া ভাৰত ন্যায় যাত্ৰাত অংশ লোৱাৰ উদ্দেশ্যে তেওঁ এই বিমানেৰে গুৱাহাটীলৈ আহি আছিল।

Comments (0)
Add Comment