কোনো কাৰণ নোহোৱাকৈ পত্নীয়ে স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ অস্বীকাৰ কৰাটো একপ্ৰকাৰ নিষ্ঠুৰতা! যাৰ বাবে স্বামীয়ে বিচাৰিব পাৰে বিবাহ বিচ্ছেদ। বিবাহ বিচ্ছেদৰ গোচৰত এক গোচৰত এই ৰায় দিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। আদালতে কয় যে কোনো ধৰণৰ শাৰীৰিক অক্ষমতা বা বৈধ কাৰণ নোহোৱাকৈ দীৰ্ঘ সময়ৰ বাবে একপক্ষীয়ভাৱে শাৰীৰিক সম্পৰ্ক অস্বীকাৰ কৰাটো মানসিক নিষ্ঠুৰতাৰ সমান বুলি গণ্য হ’ব পাৰে। ই বিবাহ বিচ্ছেদৰ বৈধ ভিত্তি।
এই পৰ্যবেক্ষণৰ লগে লগে ন্যায়াধীশ শীল নাগু আৰু ন্যায়াধীশ বিনয় ছৰফৰ বিভাগীয় বিচাৰপীঠে পৰিয়াল আদালতৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰি স্বামীক পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ অনুমতি দিয়ে।
উল্লেখ্য যে ২০০৬ চনৰ ১২ জুলাইত এক দম্পতিৰ বিবাহ হয়। বিয়াৰ পাছত পত্নীয়ে দীৰ্ঘদিন ধৰি কোনো কাৰণ নোহোৱাকৈ শাৰীৰিক সম্পৰ্ক স্থাপনত আপত্তি কৰি আহিছিল বুলি অভিযোগ কৰিছিল স্বামীয়ে। ইয়াৰ পাছতেই স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে পৰিয়াল আদালতত আবেদন জনায়। কিন্তু আদালতে স্বামীৰ আবেদন মঞ্জুৰ নকৰাত উচ্চ ন্যায়ালয়ৰ কাষ চাপে।