কেইটামান দিনৰ পাছতেই অন্ত পৰিব অপেক্ষাৰ। অহা ২২ জানুৱাৰীত অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ। ভাৰতৰ লগতে বিদেশতো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যাপক উছাহ। ইয়াৰ মাজতে মৰিছাচ চৰকাৰৰ ডাঙৰ ঘোষণা। মৰিছাচৰ প্ৰশাসনে ২২ জানুৱাৰীত হিন্দু কৰ্মচাৰীৰ বাবে দিনৰ ২ বজাৰ পৰা ২ ঘণ্টাৰ বিশেষ ছুটী ঘোষণা কৰিছে। এই সময়ছোৱাত তেওঁলোকে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আয়োজিত স্থানীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী প্ৰবিন্দ কুমাৰ জগনাথৰ নেতৃত্বত মৰিচাছ কেবিনেটে এই সন্দৰ্ভত আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে।