শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্ট মেচৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰে। ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্ট মেচৰ বাবে ১৭ জনীয়া ভাৰতীয় দলটোত স্থান নাপালে বেগী বলাৰ মহম্মদ ছামি আৰু উইকেটকীপাৰ বেটছমেন ঈশান কিষানে।
প্ৰথম দুখন টেষ্ট মেচ ক্ৰমে হায়দৰাবাদ আৰু বিশাখাপট্টনমত অনুষ্ঠিত হ’ব। গোৰোহাৰ আঘাতৰ বাবে ছামি দলৰ পৰা আঁতৰি থকাৰ বিপৰীতে কিষানে জিৰণি বিচাৰিছিল।
ইফালে, উদীয়মান উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলে ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে।
ৰোহিত শৰ্মাক দলৰ নেতৃত্ব দিয়াৰ বিপৰীতে বেগী বলাৰ যশপ্ৰীত বুমৰাহক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
প্ৰথম দুখন টেষ্টৰ বাবে ঘোষণা কৰা ভাৰতীয় দল
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, যশস্বী জয়ছোৱাল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), কে এছ ভৰত (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবিন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, যশপ্ৰীত বুমৰাহ আৰু আবেশ খান।