নেপালত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। নেপালৰ লুম্বিনি প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাত দুজন ভাৰতীয় নাগৰিককে ধৰি কমেও ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩জন লোক আহত হয়।
জানিব পৰা মতে, যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাপ্তী নদীত বাগৰি পৰে।
এই দুৰ্ঘটনাটোত আহত আটাইকেইজন লোককে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় প্ৰশাসনে শনিবাৰে এই তথ্য প্ৰদান কৰে।
আহতসকলৰ বহুতৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। কি কাৰণত এই শোকাৱহ দুৰ্ঘটনাটো সংগটিত হৈছে সেয়া জানিবলৈ আৰম্ভ কৰিছে তদন্ত।
‘দ্য কাঠমাণ্ডু পোষ্ট’ৰ প্ৰতিবেদন অনুসৰি শুকুৰবাৰে গভীৰ নিশা নেপালগঞ্জৰ পৰা কাঠমাণ্ডুলৈ যোৱা বাছখন পূব-পশ্চিম ঘাইপথৰ ভাগলুবাং দলঙৰ ৰেলিং ভাঙি ৰাপ্তী নদীত বাগৰি পৰে।
আৰক্ষীৰ উপ-পৰিদৰ্শক সুন্দৰ তিৱাৰীয়ে কয়, ‘আটাইকেইজন আহতক চিকিৎসাৰ বাবে কোহলপুৰৰ নেপালগঞ্জ মেডিকেল টিচিং হাস্পতাললৈ লৈ যোৱা হয়’।
দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও এই দুৰ্ঘটনাত বাছ চালক লাল বাহাদুৰ নেপালী (২৮)ৰ জীৱন ৰক্ষা পৰে। আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে আটক কৰিছে।
নেপাল আৰক্ষীৰ মতে, বাছ চালকজনক পুংখানুপুংখভাৱে সোধা-পোছা কৰাৰ পিছতহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।