ভোগালী বিহু বুলি পৰিয়াল তথা আত্মীয়ৰ লগত এসাঁজ মাছ-মাংসৰে জুতি লগাই খাব… ISHAN NEWS

কাইলৈ হেঁপাহৰ উৰুকা। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এতিয়া ব্যাপক প্ৰস্তুতি ভোগালীক আদৰাৰ। চুঙা পিঠা, দৈ, চুৰা, বিভিন্ন বিধ পিঠা আৰু লাৰুৰ কথাই মনলে আহে প্ৰতিজন অসমীয়াৰ ।

https://fb.watch/pxKS57AgE7/

ভোগালী বিহু বুলি কোৱাৰ লগে লগেই পৰিয়াল তথা আত্মীয়ৰ লগত এসাঁজ মাছ, মাংসৰে জুতি লগাই খাব। গতিকে বজাৰসমূহো ভৰি পৰিছে ভোগালীৰ সা-সামগ্ৰীৰে, ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ কলাইগাঁৱৰ সাপ্তাহিক বজাৰ। চিৰা, দৈ, কোমল চাউল, তিল, চুৰা, মিঠাই, নাৰিকল, হাঁহ-কুকুৰা আদি কিনিবলৈ বজাৰত এতিয়া পুৰুষ-মহিলা উভয়ে ব্যাপক ভিৰ। বিশেকৈ মহিলাসকলে পিঠা-পনা বনাবলৈ চুৰাৰ বজাৰত চুৰা আৰু অন্যান্য সামগ্ৰীসমূহ ক্ৰয় কৰা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment