২০১৬ চনৰ ২২ জুলাইৰ কথা। পুৱা ৮.৩০ বজাত ২৯ গৰাকী যাত্ৰীক লৈ চেন্নাইৰ পৰা পোৰ্ট ব্লেয়াৰ অভিমুখে উৰা মাৰিছিল ভাৰতীয় বায়ুসেনাৰ An-32 বিমানখনে। ৬ ক্ৰু মেম্বাৰসহ বিমানখনত আছিল ২৩ গৰাকী অন্য লোক। সঠিত সময়মতে চেন্নাইৰ পৰা উৰা মাৰিলেও কিন্তু গন্তব্য স্থান গৈ নাপালে বিমানখনে। মাজ আকাশতে যাত্ৰীসহ হেৰাই গল বিমানখন। দীৰ্ঘদিন ধৰি চলিল উদ্ধাৰ অভিযান। কিন্তু উদ্ধাৰকাৰী দলে লাভ নকৰিলে সন্ধানহীন হোৱা বিমান তথা সন্ধানহীন যাত্ৰীৰ ধ্বংসাৱশেষ।
এই ঘটনাই প্ৰায় চাৰে সাত বছৰ অতিক্ৰম কৰিলে। প্ৰায় চাৰে সাত বছৰৰ পাছত শেহতীয়াকৈ সন্ধানহীন বিমানখনৰ ধ্বংসাৱশেষৰ সন্ধান লাভ কৰিছে বায়ুসেনাই।বংগোপসাগৰত প্ৰায় ৩.৪ কিলোমিটাৰ গভীৰতাত এ এন-৩২ বিমানখনৰ সম্ভাৱ্য ধ্বংসাৱশেষ পোৱা গৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কৈছে যে National Institute of Ocean Technology ৰ দ্বাৰা নিয়োজিত Autonomous Underwater Vehicle চমুকৈ AUVৰ দ্বাৰা তোলা আলোকচিত্ৰত ধ্বংসাৱশেষ ধৰা পৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কৈছে যে যিহেতু সেই অঞ্চলতে আন বিমান সন্ধানহীন হোৱাৰ কোনো ইতিহাস নাই, সেয়েহে সাম্ভাব্য দুৰ্ঘটনাস্থলীত এই অনুসন্ধানে দুৰ্ঘটনাগ্ৰস্ত আইএএফ এএন-৩২ৰ ধ্বংসাৱশেষৰ সম্ভাৱ্য সংযোগ সূচায়।