দিল্লী অভিমুখী এখন যাত্ৰীবাহী বিমান গৈ পালে মুম্বাই। ঘন কুঁৱলীৰ বাবে মাজ আকাশত অথন্তৰ। দেশৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। কুঁৱলীৰ ডাঁঠ আচ্ছাদনৰ বাবে বিমান উৰণত দেখা দিছে সমস্যাই। এইবাৰ ঘন কুঁৱলীৰ বাবে সমস্যাৰ সন্মুখীন হল গোৱাৰ পৰা দিল্লী অভিমুখী উৰা মৰা ইণ্ডিগ’ৰ এখন বিমান। ১২ ঘণ্টা দেৰিকৈ বিমানখনে উৰা মাৰিছিল দিল্লী অভিমুখে। গন্তব্য স্থান যদিও দিল্লী আছিল বিমানখনে অৱতৰণ কৰিলে মুম্বাইৰ বিমান বন্দৰত। ইয়াৰ পাছতেই যাত্ৰীসকলৰ মাজত লাগিল হাহাকাৰ। একাংশ যাত্ৰীয়ে বিমান কৰ্তৃপক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ৰাণৱেত বহি একাংশ যাত্ৰীয়ে খাদ্য গ্ৰহণ কৰা ভিডিঅ’। পৰৱৰ্তী সময়ত যাত্ৰীসকলৰ ওচৰত ক্ষমা খুজিলে বিমান কৰ্তৃপক্ষই।
ইফালে, বিমান নিয়ন্ত্ৰক ডিজিচিএ-য়ে নতুন নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা বিমানৰ কৰ্মচাৰীসকলে যাত্ৰীসকলক উৰণত বিলম্ব সম্পৰ্কে হোৱাইট আপ আৰু মেইলত সঠিক তথ্য দি থাকিব লাগিব। বিমানবন্দৰত অপেক্ষা কৰি থকা যাত্ৰীসকলে বিমান দেৰি হোৱা সন্দৰ্ভত প্ৰকৃত তথ্য লাভ কৰিব লাগিব।