মধ্যপ্ৰাচ্যত যুদ্ধৰ উকমুকনি! হামাছ-ইজৰাইলৰ যুদ্ধৰ মাজতে ইৰাকত ইৰাণৰ আক্ৰমণ!  

হামাছ-ইছৰাইলৰ যুদ্ধৰ মাজতে মধ্যপ্ৰাচ্যত আন এখন যুদ্ধৰ উকমুকনি। এইবাৰ ছিৰিয়া আৰু ইৰাকত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ চলালে ইৰাণে। ইৰাকৰ স্বায়ত্তশাসিত কুৰ্দিস্তান অঞ্চলত একাধিক স্থানত মিছাইলেৰে আক্ৰমণ চলাইছে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে। ইৰাণৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ কাৰ্যালয়ো।

এক বিবৃতিত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে কয় যে সোমবাৰে নিশাৰ ভাগত ইৰাকৰ মোছাদৰ কাৰ্যালয় আৰু ইৰাণ বিৰোধী সন্ত্ৰাসবাদী গোটৰ কেন্দ্ৰ ধ্বংস কৰাৰ উদ্দেশ্যে ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে। ইৰাকৰ আৰ্বিলৰ আমেৰিকাৰ বাণিজ্যিক দূতাৱাসৰ সমীপত চলোৱা আক্ৰমণত মৃত্যু হয় ৪ জন লোকৰ। আনহাতে, আহত হয় কেইবাজনো লোক।

ছিৰিয়াতো বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰা বুলি স্বীকাৰ কৰিছে ৰিভল্যুচনেৰী গাৰ্ডে। লক্ষণীয়ভাৱে শেহতীয়াকৈ দক্ষিণৰ কেৰমান আৰু ৰাস্ক চহৰত সন্ত্ৰাসবাদী সংগঠনৰ আক্ৰমণত নিহত হৈছিল কেইগৰাকীমান ইৰাণী লোক। এই আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ৰিভল্যুচনেৰী গাৰ্ডে ছিৰিয়াত আক্ৰমণ চলোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে।  

Comments (0)
Add Comment