পৰ্যটকৰ ভিৰ চম্ভালিবলৈ লক্ষদ্বীপ কিমান সাজু? এই প্ৰশ্নৰ উপৰি লক্ষদ্বীপত আছে বহু বাধা…

লক্ষদ্বীপ হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ পৰা ২০০ৰ পৰা ৪৪০ কিলোমিটাৰ দূৰত্বত আৰব সাগৰত অৱস্থিত দ্বীপপুঞ্জৰ সমূহ। ৩২ বৰ্গকিলোমিটাৰ মাটিকালিৰে লক্ষদ্বীপ হৈছে ভাৰতৰ সবাটোকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল।

কাগজে কলমে ইয়াত মুঠ ৩৬টা দ্বীপ আছে। পৰ্যটকে কেৱল মুষ্টিমেয় দ্বীপহে ভ্ৰমণ কৰিব পাৰে। বাকী দ্বীপবোৰত মূলতঃ খিলঞ্জীয়া লোকে বসবাস কৰে। এতিয়াও ভ্ৰমণ অনুকূল হৈ উঠা নাই সেই দ্বীপবোৰ।

মালদ্বীপক লৈ চলা বিতৰ্কৰ ধুমুহাৰ পিছতে সকলোৱে লক্ষদ্বীপৰ ফালে ঢাল খাইছে যদিও এই দ্বীপলৈ যাত্ৰা কৰাটো বৰ সহজ আৰু মসৃণ নহয়। আছে একাধিক বাধা।

লক্ষদ্বীপ ভ্ৰমণৰ পূৰ্বে পর্যটকে প্রথমে গ্ৰহণ কৰিব লাগিব প্রৱেশ অনুমতি। ভাৰতীয়ই হওক বা বিদেশী পৰ্যটকেই হওক এই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য।

ভাৰতীয়সকলে লক্ষদ্বীপৰ মাত্ৰ পাঁচটা দ্বীপলৈহে যাত্ৰা কৰিব পাৰে। সেইবোৰ হ’ল- আগাটি, বংগাৰাম, কাৱাৰট্টী, কদমত আৰু মিনিকয় দ্বীপ।

আনহাতে বিদেশী পৰ্যটকৰ বাবে লক্ষদ্বীপ ভ্ৰমণৰ সুযোগ আৰু সীমিত। তেওঁলোকক কেৱল মাত্ৰ তিনিটা দ্বীপহে ভ্ৰমণৰ অনুমতি প্ৰদান কৰা হয়। সেইকেইটা হ’ল আগাটি, বংগাৰাম আৰু কদমত দ্বীপ।

ইয়াৰ বাহিৰে লক্ষদ্বীপৰ আন কোনো দ্বীপলৈ যাব বিচাৰিলে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ অনুমতি পত্ৰ লৈ আহিব লাগে। অন্যথা কোনো পৰ্যটকে আন দ্বীপত ভৰি দিব নোৱাৰে।

লক্ষদ্বীপলৈ মাত্ৰ দুটা উপায়েৰেহে যাব পাৰি – আকাশী আৰু সাগৰীয় পথেৰে। দুয়োটা ক্ষেত্ৰতে কোচি হৈ লক্ষদ্বীপলৈ যাব লাগে। বাকী বিশ্বৰ আন কোনো প্ৰান্তৰ পৰা এই দ্বীপলৈ যাব নোৱাৰি।

ইফালে লক্ষদ্বীপত আছে মাত্ৰ এটা বিমানবন্দৰ। তালৈ বিমান যাত্ৰাৰ বাবে আগাটি বিমানবন্দৰ একমাত্ৰ ঠিকনা। কোচিৰ পৰা আগাটি বিমানবন্দৰলৈ দৈনিক বিমান চলাচল কৰে।

লক্ষদ্বীপলৈ বিমান চলাচল কৰা একমাত্ৰ বিমান সংস্থা এলায়েন্স এয়াৰলাইন্স। প্ৰতিদিনে চলে মাত্ৰ এখন বিমান।

আগাটিলৈ বিমান সেৱা থাকিলেও বাকী আন কোনো দ্বীপত বিমানবন্দৰ নাই। ফলত বাকী কেইটা দ্বীপলৈ যাব বিচাৰিলে আগতীয়াকৈ জাহাজ-নাও বা হেলিকপ্টাৰ ভাড়াত ল’ব লাগে, যিটো অত্যন্ত ব্যয়বহুল।

আনহাতে কোচিৰ পৰাই ৰাওনা হয় জাহাজ। ভাৰতৰ মূল ভূখণ্ডৰ পৰা জলপথেৰে লক্ষদ্বীপলৈ যাবলৈ ১৪ৰ পৰা ১৮ ঘণ্টা সময় লাগে। কিন্তু তাত উপস্থিত হোৱাৰ পিছত জাহাজ বা নাও সেৱা কেনেকুৱা হ’ব সেয়া বতৰৰ ওপৰত নিৰ্ভৰ কৰে।

লক্ষদ্বীপত উষ্ণতা ২৭ ডিগ্ৰী চেলছিয়াছৰ পৰা সৰ্বোচ্চ ৩২ ডিগ্ৰী চেলছিয়াছ। অৱশ্যে লক্ষদ্বীপৰ বাৰিষা ভয়ংকৰ। জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে দ্বীপসমূহত হয় প্ৰচণ্ড বৰষুণ।

লক্ষদ্বীপত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ কাৰ্ডৰ বাবে আবেদন অনলাইনযোগে কৰিব পাৰিব। অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত কোচিস্থিত লক্ষদ্বীপ প্ৰশাসনৰ কাৰ্যালয়লৈ লৈ যাব লাগে।

প্ৰৱেশ পত্ৰ পাবলৈ পৰ্যটকসকলে কমেও ১৫ দিন অপেক্ষা কৰিবলগীয়া হয়। ইয়াৰ বাবে প্ৰয়োজন হয় পাছপ’ৰ্ট আকাৰৰ ফটো, আধাৰ কাৰ্ড, বিমান বা জাহাজৰ টিকট আৰু হোটেল বুকিঙৰ নথি-পত্ৰ।

পৰ্যটন ক্ষেত্ৰ হিচাপে এতিয়াও উৎকৃষ্ট হিচাপে পৰিগণিত হোৱা নাই লক্ষদ্বীপ। পৰ্যটকৰ বাবে হোটেলৰ সংখ্যা অতি সীমিত। লক্ষদ্বীপত হাতৰ আঙুলিৰে গণিব পৰাকৈ মাত্ৰ কেইখন মান হোটেল আৰু ৰিজৰ্ট আছে। তাত আগতীয়াকৈ ৰুম বুকিং কৰিব লাগে।

লক্ষদ্বীপৰ সাংসদ মহম্মদ ফাইজলে এটা সংবাদ মাধ্যমক দিয়া সাক্ষাতকাৰত জানিব দিয়ে যে পৰ্যটকৰ থকাৰ সুবিধাৰ বাবে লক্ষদ্বীপত আছে মাত্ৰ ১৫০টা ঘৰ।

প্ৰবালৰ দ্বাৰা নিৰ্মিত লক্ষদ্বীপ। প্ৰবাল হৈছে জীৱন্ত জীৱ যিয়ে ৰিফ গঠন কৰে আৰু সাগৰীয় জীৱ-জন্তু বিশেষকৈ মাছৰ উন্নতিৰ বাবে পৰিৱেশ তন্ত্ৰ প্ৰদান কৰে। গতিকে পৰিবেশ ৰক্ষা কৰি পর্যটন উদ্যোগক উন্নীত কৰাটো লক্ষদ্বীপত এক ডাঙৰ প্রত্যাহবান৷

সাংসদগৰাকীয়ে জনাইছে যে, লক্ষদ্বীপৰ ৩৬টা দ্বীপৰ ভিতৰত ১০টাহে বাসপযোগী। ৮ৰ পৰা ১০ শতাংশ জনসংখ্যা পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল।

পৰিবেশ ৰক্ষা কৰি লক্ষদ্বীপক পৰ্যটনৰ বাবে উপযোগী কৰি তোলাৰ বাবে উচ্চতম ন্যায়ালয়ে নিযুক্ত দিছিল ন্যায়াধীশ ৰবীন্দ্ৰন আয়োগ। লক্ষদ্বীপৰ উন্নয়নৰ বাবে এই আয়োগে কেইবাটাও পৰামৰ্শ আগবঢ়ায়।

উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া আয়োগে প্ৰতিদিনে লক্ষদ্বীপত প্ৰৱেশ কৰিব পৰা পৰ্যটকৰ সংখ্যাও নিৰ্দিষ্ট কৰি দিছিল। যাৰ ফলত প্ৰতি দিনে বহু সংখ্যক লোক লক্ষদ্বীপত প্ৰৱেশ কৰাত বিফল হয়।

মালদ্বীপৰ সৈতে হোৱা বিবাদৰ পিছতে শিৰোণাম দখল কৰিছে লক্ষদ্বীপে। ইয়াৰ পূৰ্বে লক্ষদ্বীপলৈ বহু বেছি পৰ্যটকৰ আগমণ হোৱা দেখা পোৱা নাছিল। সেয়ে পৰ্যটকৰ ভ্ৰমণৰ বাবে উপযোগী সেৱা তাত বিকশিত হোৱা নাই।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে লক্ষ্যদ্বীপ ভ্ৰমণ কৰিছিল। তেওঁৰ তাত ভ্ৰমণৰ কেইবাখনো ছবি ছ’চিয়েল মিডিয়াত প’ষ্ট কৰি ভাৰতীয়সকলক লক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছিল।

মোদীৰ সেই সকলোবোৰ ছবি দেখাৰ পিছত মালদ্বীপৰ তিনিজন মন্ত্ৰীয়ে নেতিবাচক আৰু অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হয়। আৰু তেতিয়াৰ পৰাই আৰম্ভ হয় বিতৰ্ক।

বিতৰ্কই তুমুল ৰূপ ধাৰণ কৰাত মালদ্বীপ চৰকাৰে নিলম্বন কৰিবলৈ বাধ্য হৈছিল সেই তিনি মন্ত্ৰীক। কিন্তু বিতৰ্ক ইয়াতেই স্তব্ধ নহ’ল আৰু আৰম্ভ হ’ল ‘বয়কট মালদ্বীপ’।

‘বয়কট মালদ্বীপ’ এতিয়া ভাৰতীয় ছ’চিয়েল মিডিয়াত এক নতুন ট্ৰেণ্ড। ইয়াৰ উপৰি বহু ভাৰতীয়ই আওৰাইছে ‘লক্ষদ্বীপ চলো’ৰ শ্ল’গান। কিন্তু বাস্তৱত সেই পৰ্যটকৰ ভিৰ চম্ভালিবলৈ লক্ষদ্বীপ কিমান সাজু? সম্প্ৰতি সেইটোৱেই ডাঙৰ প্ৰশ্ন।

Comments (0)
Add Comment