ইজৰাইল-হামাছৰ যুদ্ধত ধ্বংসস্তুপত পৰিণত হোৱা গাজাৰ কি হব ভৱিষ্যত্? ইজৰাইলে দখল কৰিব নেকি গাজা? এনেবোৰ প্ৰশ্নৰ মাজতে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ডাঙৰ মন্তব্য। হামাছ-ইজৰাইলৰ যুদ্ধৰ অন্তত গাজাত পেলেষ্টাইনীয়েই শাসন কৰিব বুলি প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে। মন্ত্ৰীগৰাকীয়ে কয় যে গাজাত পেলেষ্টাইনীসকলে বাস কৰি আছে আৰু ভৱিষ্যতে ইয়াক তেওঁলোকেই শাসন কৰিব। হামাছৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ অন্তত গাজাৰ প্ৰতি একো সামৰিক ভাবুকি নাথাকিব বুলি তেওঁ কয়। লগতে তেওঁ কয় যে হামাছে কেতিয়াও গাজাত শাসন কৰিব নোৱাৰিব আৰু সামৰিক শক্তি হিচাপে কাম কৰিব নোৱাৰিব। নাগৰিকসকলৰ সুৰক্ষাৰ বাবে ইজৰাইলী সেনাই অভিযান চলাবলৈও স্বাধীনতা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে।
এক বিবৃতি জাৰি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে কয় যে ‘সম্পূৰ্ণ শক্তিৰে ইজৰাইল সেনাই যুঁজি আছে। হামাছক বচাবলৈ এতিয়া আৰু কোনেও নাহে। হামাছৰ কোনো বেটেলিয়ন জীয়াই থাকিব নোৱাৰিব। ইৰানে হিজবুল্লাহ আৰু হামাছক আৰু সুৰক্ষা নিদিয়ে।‘ ইজৰাইলৰ জনসাধাৰণৰ প্ৰতিটো ত্যাগৰ প্ৰতিশোধ লোৱা হব বুলি হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ।
উল্লেখ্য যে যোৱা ৭ অক্টোবৰৰ পৰা হামাছ আৰু ইজৰাইলৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে। বিগত বৰ্ষৰ ৭ অক্টোবৰৰ পৰা যোৱা ৯ জানুৱাৰীলৈ এই আক্ৰমণত গাজাত ৯০০০তকৈ অধিক পেলেষ্টাইনী সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি দাবী কৰিছে সেনাই। আনহাতে, প্ৰায় ৩০ হাজাৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছে ইজৰাইলে।