২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটীৰ পাণবজাৰত চলি থকা ব্ৰহ্মপুত্ৰ নদীপাৰ সৌন্দৰ্য্যবৰ্ধন প্ৰকল্পৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ বাবে অহা ২০ জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

অসম ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে আন কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভ উন্মোচন কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যিক চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী পীযুষ হাজৰিকাই এই ভ্ৰমণৰ কথা নিশ্চিত কৰি কয়, ‘২০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম ভ্ৰমণ কৰিব। ২০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত তিনিটা চৰকাৰী কাৰ্যসূচীত অংশ ল’ব’।

হাজৰিকাই লগতে জানিবলৈ দি কয় যে সৰুসজাই ষ্টেডিয়ামত হ’বলগীয়া অসম আৰক্ষীৰ পাছ পেৰেডতো অংশ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ উপৰি গুৱাহাটীত অতিৰিক্ত দুটা কাৰ্যসূচীটো অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

হাজৰিকাই লগতে উল্লেখ কৰে যে ৬০ হাজাৰৰো অধিক বিজেপি দলৰ সদস্যই বিভিন্ন স্থানত গৃহমন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি জনাব।

তেওঁ উল্লেখ কৰে, ‘প্ৰায় ৬০ হাজাৰ বিজেপি দলীয় কৰ্মীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক বিভিন্ন স্থানত সম্ভাষণ জনাব আৰু আমি ইয়াত তেওঁক এক বৃহৎ আদৰণি জনাম’।

শ্বাহৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বাবে সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও পৰিস্থিতিৰ বিস্তৃত মূল্যায়ন কৰে।

Comments (0)
Add Comment