মোবাইলত ভিডিঅ’, চিনেমা বা টিভি চেনেল চাবলৈ, ছিম কাৰ্ড আৰু ইণ্টাৰনেট দুয়োটাৰে প্ৰয়োজন। পিছে শীঘ্ৰেই ইণ্টাৰনেট বা ছিম নথকাকৈ ভিডিঅ চোৱাৰ সুবিধা লাভ কৰিব আপুনি। শীঘ্ৰেই দেশৰ কেইবাখনো চহৰত বাস্তৱত পৰিণত হ’ব Direct-to-Mobile (D2M) technology, ইয়াত, ম’বাইল ব্যৱহাৰকাৰীসকলে ছিম কাৰ্ড বা ইণ্টাৰনেট সংযোগ অবিহনে ভিডিঅ’ ষ্ট্ৰীম কৰিবলৈ সক্ষম হ’ব।
এখন সন্মিলনত ভাষণ দি তথ্য আৰু সম্প্ৰচাৰ সচিব অপূৰ্ব চন্দ্ৰই কয় যে Direct-to-Mobile (D2M) technology প্ৰযুক্তি শীঘ্ৰেই ১৯ খন চহৰত পৰীক্ষা কৰা হ’ব আৰু এই প্ৰযুক্তিৰ বাবে ৪৭০-৫৮২ মেগাহাৰ্জ স্পেকট্ৰাম সংৰক্ষণৰ প্ৰস্তাৱ থাকিব। যোৱা বৰ্ষত বাংগালৰু, কৰ্তব্য পথ আৰু নয়ডাৰ লগতে কেইবাটাও স্থান পাইলট প্ৰজেক্টৰ অধীনত D2M প্ৰযুক্তিৰ ট্ৰায়েল কৰা হৈছিল।