পাকিস্তানত ইৰাণৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। পাকিস্তান আৰু ইৰাণৰ মন্ত্ৰীৰ বৈঠকৰ মাজতে আক্ৰমণ

পাকিস্তানত ইৰাণৰ ভয়ংকৰ এয়াৰষ্ট্ৰাইক। পাকিস্তানত থকা সন্ত্ৰাসবাদী সংগঠন  জৈঈছ অল অদলৰ ঘাটিত ড্ৰোণ আৰু মিছাইলেৰে আক্ৰমণ চলালে ইৰাণে। এই আক্ৰমণত ২ টি শিশুৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৬ জন লোক। আক্ৰমণত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বাসগৃহ। ইৰাণৰ বৈদেশিক মন্ত্ৰী আমিৰ আব্দুল্লা আৰু পাকিস্তানৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আনৱাৰ উল হক কাকাৰৰ মাজত চুইজাৰলেণ্ডত হোৱা বৈঠকৰ অলপ সময়ৰ পিছতেই সংঘটিত হল এই আক্ৰমণ।  

ইৰাণৰ এই আক্ৰমণৰ পাছতেই গৰজি উঠিছে পাকিস্তান। এই আক্ৰমণৰ পৰিণাম ইৰাণে ভোগ কৰিব লাগিব বুলি সকিয়নী পাকিস্তানৰ। আকাশী সীমা অতিক্ৰম কৰি চলোৱা এই আক্ৰমণ সহ্য কৰা নহব বুলি প্ৰকাশ কৰিছে পাকিস্তানে। ইৰাণৰ একপক্ষীয় আক্ৰমণ ভাল চুবুৰীয়াৰ লক্ষণ নহয় বুলি মন্তব্য পাক প্ৰশাসনৰ। আনহাতে, জৈশ আল-আদলৰ মতে, ইৰানে কমেও ৬ টা ড্ৰোন ব্যৱহাৰ কৰি আক্ৰমণ চলাইছিল।

Comments (0)
Add Comment