‘ভগৱান শ্ৰী ৰাম সকলোৰে, মই এজন মুছলমান হিচাপে গৌৰৱান্বিত। শ্ৰী ৰামক উপাসনা কৰিবলৈ হিন্দু হোৱাৰ প্ৰয়োজন নাই। ব্যক্তিজনৰ হৃদয় পৰিষ্কাৰ হোৱাটোৱে গুৰুত্বপূৰ্ণ। ৰামজী কেৱল ভাৰতৰ নহয়, সমগ্ৰ বিশ্বৰ।‘ এই মন্তব্য ওছমান আলী নামৰ এজন ৰামভক্তৰ। বন্ধু প্ৰিন্স শৰ্মাক লগত লৈ ভগৱান ৰামচন্দ্ৰক বিচাৰি অযোধ্যাৰ ৰামমন্দিৰলৈ বাট বুলিছে ওছমান আলীয়ে।
হাতত গেৰুৱা পতাকা আৰু ৰামৰ ছবিলৈ আগ্ৰাৰ পৰা যাত্ৰা কৰিছে বন্ধুদ্বয়ে।প্ৰতিদিনে দুয়ো বন্ধুৱে একেলগে ৪০ কিলোমিটাৰ খোজ কাঢ়ে। এনেদৰে ২ বন্ধুৱে দেশবাসীক দিছে সম্প্ৰীতিৰ বাৰ্তা। ওছমান আৰু প্ৰিন্সে কয় যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ কেৱল হিন্দুৱেই নহয়, মুছলমান লোকসকলো সমানে সুখী। যাত্ৰাপথত দুয়োগৰাকী বন্ধুকে শুভেচ্ছাৰে ওপচাই দিছে দেশবাসীয়ে।