ধোনীৰ বিৰুদ্ধে ব্যৱসায়িক বন্ধুৱে দিলে মানহানিৰ গোচৰ; ১৮ জানুৱাৰীত শুনানি

এম এছ ধোনিৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ। এই গোচৰটো হৈছে মানহানি সন্দৰ্ভত, যিটো তেওঁৰ বন্ধু তথা প্ৰাক্তন ব্যৱসায়িক অংশীদাৰ মিহিৰ দিবাকৰে দিছে।

দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই গোচৰৰ শুনানি হ’ব ১৮ জানুৱাৰীত। শুনানি গ্ৰহণ কৰা হ’ব অধিবক্তা প্ৰতিভা এম সিঙৰৰ আদালতত।

উল্লেখ্য যে, ১০ দিন পূৰ্বে ধোনীয়ে দিবাকৰৰ বিৰুদ্ধে ১৫ কোটি টকাৰ জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল। ইয়াৰ পিছতেই দিবাকৰে এটা সাক্ষাৎকাৰত অতি শীঘ্ৰে বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ লৈ যাব বুলি কৈছিল।

মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ বিৰুদ্ধে দাখিল কৰা গোচৰত ধোনীয়ে দিয়া গোচৰ স্থগিত ৰখাৰ দাবী জনাইছে।

উল্লেখ্য যে, মিহিৰ দিবাকৰ আৰু তেওঁৰ পত্নীয়ে ধোনীৰ নামেৰে এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিল। ২০১৭ চনত সংশ্লিষ্ট কোম্পানীটোৱে ধোনীৰ সৈতে চুক্তি কৰে। কিন্তু মিহিৰ দিবাকৰে চুক্তিৰ চৰ্ত উলংঘা কৰে।

চুক্তি অনুসৰি ধোনীক ফ্ৰেঞ্চাইজি মাচুল আৰু কোম্পানীটোৰ লাভৰ এটা অংশ দিয়াৰ কথা আছিল। কিন্তু সেয়া দিয়া নহ’ল। ধোনীৰ অধিবক্তা দয়ানন্দ শৰ্মাই ৬ জানুৱাৰীত সংবাদমেলযোগে মিহিৰৰ বিৰুদ্ধে অবিযোগ তুলি এই সকলোবোৰ কথা ৰাজহুৱা কৰিছিল।

জানিব পৰা অনুসৰি, প্ৰথম অৱস্থাত ধোনীয়ে এই সন্দৰ্ভত মিহিৰ আৰু সৌম্যলৈ জাননী প্ৰেৰণ কৰিছিল। কিন্তু, তেওঁলোকৰ পক্ষৰ পৰা কোনো সঁহাৰি নোপোৱাত বিষয়টো আদালতৰ মজিয়ালৈ লৈ যায়।

উল্লেখ্য যে, ধোনী আৰু মিহিৰৰ বন্ধুত্ব বহুদিনৰ। এই বন্ধুত্ব ক্ৰিকেটৰ বাবেই হৈছিল। আৰু এই কাৰণেই দুয়োজনে একেলগে ক্ৰিকেট একাডেমী খুলিবলৈ সিদ্ধান্ত লৈছিল। ইয়াক কাৰ্যকৰী কৰাৰ বাবে দুয়োৰে মাজত চুক্তিও হৈছিল। কিন্তু, তাৰ পিছত তেওঁলোকৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা বিবাদৰ বাবে বন্ধুত্বৰ সম্পৰ্কত ফাঁট মেলে আৰু বিষয়টো আদালতৰ মজিয়া পালে।

Comments (0)
Add Comment