শুকুৰবাৰে আমেৰিকাৰ মহাকাশ সংস্থা নাছা আৰু লকহিড মাৰ্টিনে আনুষ্ঠানিকভাৱে মুকলি কৰে ‘এক্স-৫৯ কুৱেষ্ট ছুপাৰছ’নিক বিমান’। এই মহাকাশযানখন অতি নিখুঁতভাৱে ডিজাইন কৰা হৈছে। নাছাৰ মতে এই নতুন বিমানখন শব্দতকৈ অধিক বেগী অৰ্থাৎ আতিশাব্দিক হ’ব।
মহাকাশ সংস্থাটোৰ ‘কুইষ্ট মিছন’ৰ লক্ষ্য হৈছে এক্স-৫৯ৰ বিপজ্জনক ছ’নিক বুম সৃষ্টি নকৰাকৈ ছুপাৰছ’নিক উৰণৰ ক্ষমতা প্ৰদৰ্শন কৰা।
উৰণ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত নাছাই এক্স-৫৯ বিমানখন আমেৰিকাৰ কোনো নিৰ্দিষ্ট চহৰত উৰণৰ সিদ্ধান্ত লৈছে আৰু উৰণৰ সময়ত বিমানখনে সৃষ্টি কৰা শব্দ আৰু ইয়াক কেনেদৰে গ্ৰহণ কৰা হয় সেই সম্পৰ্কে জনসাধাৰণৰ মতামত সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে।
সংগ্ৰহ কৰা তথ্যসমূহ ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন আৰু আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ সংস্থাসমূহৰ সৈতে ভাগ-বতৰা কৰা হ’ব। এই মতামতৰ ভিত্তিতে স্থলপথৰ ওপৰেৰে ছুপাৰছ’নিক উৰণৰ ওপৰত বৰ্তমানৰ নিষেধাজ্ঞা উঠাই ল’বলৈ নতুন শব্দ-ভিত্তিক নিয়ম প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।
নাছাৰ এই নতুন বিমানখন নিউয়ৰ্কৰ পৰা লণ্ডনলৈ যাবলৈ প্ৰয়োজন হ’ব মাত্ৰ ৯০ মিনিট অৰ্থাৎ ডেৰ ঘণ্টাৰ৷ সাধাৰণতে নিউয়ৰ্কৰ পৰা লণ্ডনলৈ মাজত ক’তো নোৰোৱাকৈ বিমানত ভ্ৰমণ কৰিলে সাত ঘণ্টাৰ প্ৰয়োজন হয়৷ নাছাই এই বিমানখনক কনকৰ্ড ছুপাৰছ’নিক এয়াৰক্ৰাফ্টৰ উত্তৰাধিকাৰী বুলি কয়৷
নাছাই অলপতে এই কথা প্ৰকাশ কৰি কয় যে এই বিমানখনে যাত্ৰাৰ সময় বহুখিনি হ্ৰাস কৰিব৷ এই বিমানখনৰ নাম দিয়া হৈছে এক্স-৫৯৷ এক্স-৫৯ বিমানখনে শব্দৰ গতিতকৈ ১.৪ গুণ গতি লাভ কৰিব বুলি আশা কৰা হৈছে, যিটো প্ৰতি ঘণ্টাত ৯২৫ মাইলৰ সমতুল্য।
এজন পাইলটৰ দ্বাৰা পৰিচালিত ৯৯.৭ ফুট দীঘল, ২৯.৫ ফুট বহল এই বিমানখন একক জেট ইঞ্জিনৰ দ্বাৰা চালিত আৰু ই ৫৫,০০০ ফুট উচ্চতাত উৰিব পাৰিব বুলি কোৱা হৈছে।
নাছাই যোৱা আগষ্ট মাহত এইবুলি প্ৰকাশ কৰিছিল যে তেওঁলোকে এখন আতিশাব্দিক যাত্ৰীবাহী বিমানৰ বিষয়ে অধ্যয়ন কৰি আছে আৰু এই বিমানখনে তাত্ত্বিকভাৱে সমুদ্ৰপৃষ্ঠত প্ৰতি ঘণ্টাত ১,৫৩৫ মাইলৰ পৰা ৩,০৪৫ মাইল বেগত গতি কৰিব৷ বিমানখনৰ প্ৰথম উৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে চলিত বছৰৰ অন্তিম ভাগত৷