মৰিগাঁৱত কাৰ্বিং আংলঙৰ ২৫ বছৰীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড

অসমত পুনৰ সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা। কাৰ্বি আংলং জিলাৰ এজন ২৫ বছৰীয়া যুৱকক গৰু সৰবৰাহৰ সন্দেহত একাংশ উত্তেজিত লোকে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জানিব দিয়া মতে, বুধবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড।

মৰিগাঁৱৰ কুমৈ গাঁও এলেকাত গৰু সৰবৰাহৰ অভিযোগত স্থানীয় লোকৰ এটা দলে যুৱকজনক কৰায়ত্ত কৰি বাঁহৰ লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাত মৃত্যু হোৱা যুৱকজনক জিতু দাস বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে জনোৱা মতে, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত জাগীৰোড আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হয়। কিন্তু আৰক্ষীৰ উপস্থিতিৰ উমান পাই আক্ৰমণৰ লগত জড়িত লোকসকলে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

‘আমাৰ দলটোৱে জিতু দাসক অচেতন অৱস্থাত উদ্ধাৰ কৰে, আৰু তেওঁক চিকিৎসাৰ বাবে স্থানীয় চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়’, আৰক্ষী অধীক্ষকগৰাকীয়ে এইদৰে কয়।

তেওঁ লগতে জানিবলৈ দি কয়, ‘মূৰৰ পিছফালে গুৰুতৰভাৱে আঘাত পাইছিল, আৰু তেওঁৰ শৰীৰ পৰা যথেষ্ট তেজ ওলাই আছিল’।

মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু তাৰ পিছত পৰিয়ালৰ সদস্যক গতাই দিয়া হ’ব বুলিও কয় আৰক্ষীয়ে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

বিষয়াসকলে জনোৱা মতে, পৰিয়ালৰ লোক মৰিগাঁও আহি পোৱালৈ অপেক্ষা কৰি আছে।

‘আমি বিষয়টোৰ তদন্ত কৰি এই কথিত হত্যাকাণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক চিনাক্ত কৰাৰ চেষ্টা কৰিছো। যদি মৃত ব্যক্তিজনৰ পৰিয়ালৰ সদস্যই আন কোনো অভিযোগ দাখিল কৰে, তেন্তে আমি সেইটো পঞ্জীয়ন কৰিম’, বিষয়াসকলে কয়।

সাংবাদিকৰ আগত হোৱা কথা-বতৰাত আৰক্ষী অধীক্ষক দাসে কয় যে ইয়াক গণ প্ৰহাৰৰ ঘটনা বুলি ক’ব পাৰি, কিন্তু ইয়াৰ সৈতে জড়িত লোকৰ সংখ্যাৰ ওপৰত তেওঁলোক নিশ্চিত নহয়।

Comments (0)
Add Comment