শ্বপিংমলত কাপোৰ চুৰ কৰি ধৰা পৰিল মহিলা সাংসদ! চুৰি কৰাৰ ভিডিঅ ভাইৰেল হোৱাৰ পাছতেই পদত্যাগ কৰিবলৈ বাধ্য হল সাংসদগৰাকী। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে নিউজিলেণ্ডত। দোকানত চুৰি কৰাৰ অভিযোগত গ্ৰীণ পাৰ্টিৰ সদস্য অভিযোগত গোলৰিজ ঘাহৰামানে পদত্যাগ কৰিছে। গোলৰিজ ঘাহৰামানৰ বিৰুদ্ধে অকলেণ্ডত আৰু ৱেলিংটনৰ দুখন কাপোৰৰ দোকানৰ পৰা তিনিবাৰকৈ চুৰি কৰাৰ অভিযোগ উঠিছে। চিচিটিভি ফুটেজত দেখা গৈছে যে অকলেণ্ডৰ এখন বুটিক দোকানৰ পৰা এটা হেণ্ডবেগ লৈ গৈছে গোলৰিজে। মঙলবাৰে এনে এক ভিডিঅ’ প্ৰকাশ পোৱাৰ পিছতে তেওঁ সাংসদ পদ ত্যাগ কৰে।
চুৰিৰ অভিযোগ সন্দৰ্ভত ঘাহৰামানে কয় যে কাম সম্পৰ্কীয় চাপৰ বাবে তেওঁৰ আচৰণ সম্পূৰ্ণৰূপে বেয়া হৈ গৈছে। লগতে কয় ‘মই বহুত মানুহক নিৰাশ কৰিলোঁ। মোৰ বৰ দুখ লাগিছে।‘
উল্লেখ্য যে গোলৰিজে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ অধিবক্তা হিচাপে কাম কৰি আহিছে। ২০১৭ চনত তেওঁ শৰণাৰ্থী হিচাপে নিউজিলেণ্ডত প্ৰথমবাৰৰ বাবে সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হৈ ইতিহাস ৰচনা কৰিছিল।