য়েমেনত আমেৰিকা আৰু ব্ৰিটেইনৰ যুটীয়াভাৱে আক্ৰমণ। উত্তৰ য়েমেনৰ হুথীৰ কেইবাটাও শিবিৰত আক্ৰমণ চলাইছে আমেৰিকা আৰু ব্ৰিটেইনে। প্ৰকাশিত তথ্য অনুসৰি সন্ত্ৰাসবাদী সংগঠনটোৰ দ্বাৰা নিয়ন্ত্ৰিত লোহিত সাগৰৰ মুখ্য বন্দৰ হোদেইদাহকে ধৰি পাঁচখন প্ৰদেশৰ হুথীৰ শিবিৰত চলিছে আক্ৰমণ। হুথীৰ মুখপাত্ৰ য়াহিয়া চাৰেয়াই এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। পেলেষ্টাইনক সমৰ্থন আৰু লোহিত সাগৰৰ বাণিজ্যিক জাহাজত আক্ৰমণৰ কৰাৰ বাবে আমেৰিকা-ব্ৰিটেইনৰ এই পদক্ষেপ বুলি মন্তব্য হুথীৰ। লোহিত সাগৰ আৰু আৰৱ সাগৰত যুদ্ধ অব্যাহত থাকিব বুলি সকীয়নি হুথীৰ।