নিবনুৱাৰ বাবে ভাল খবৰ! চৰকাৰী চাকৰি আবেদনৰ বয়স ৫ বছৰলৈ বৃদ্ধি

ছত্তীশগড়ত চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। দৰাচলতে বুধবাৰে ছত্তীশগড় চৰকাৰে চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰা ৰাজ্যবাসীৰ সৰ্বোচ্চ বয়সৰ সীমাত পাঁচ বছৰৰ শিথিলতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱশ্যে এই শিথিলতা যিকোনো প্ৰাৰ্থীক এবাৰহে দিয়া হ’ব। ইয়াৰ উপৰি এই শিথিলতা আৰক্ষী বিভাগৰ পদত আৱেদন কৰা প্ৰাৰ্থীসকলক দিয়া নহ’ব।

ৰাজ্যৰ আৰক্ষী বিভাগৰ বাহিৰে সকলো বিভাগৰ বাবে আৱেদন কৰা প্ৰাৰ্থীক সৰ্বোচ্চ বয়সৰ সীমাত ৫ বছৰৰ শিথিলতা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সিদ্ধান্ত চত্তীশগড়ত মুখ্যমন্ত্ৰী বিষ্ণুদেৱ সাইৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে।

চৰকাৰী চাকৰি আবেদনৰ বাবে ছত্তীশগড় চৰকাৰে ৫ বছৰ বয়স বৃদ্ধি কৰাৰ লগে লগে বহু নিবনুৱাই কৰিব পাৰিব আবেদন। ২০২৮ বৰ্ষৰ ৩১ ডিচেম্বৰলৈ প্ৰযোজ্য হব এই নিয়ম।

অৱশ্যে চৰকাৰী চাকৰি বিচৰা প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ বয়সৰ সীমা অৰ্থাৎ ৪৫ বছৰ অপৰিৱৰ্তিত থাকিব।

Comments (0)
Add Comment