নাও দুৰ্ঘটনাত ১২ গৰাকী শিক্ষাৰ্থী আৰু দুজন শিক্ষকৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ দুখ প্ৰকাশ । ISHAN NEWS

গুজৰাটত সংঘটিত হৈছে ভয়ংকৰ অঘটন। বৃহস্পতিবাৰে বদোদৰা চহৰৰ উপকণ্ঠ অঞ্চলৰ এটা হ্ৰদত সংঘটিত নাও দুৰ্ঘটনাত ১২ গৰাকী শিক্ষাৰ্থীৰ লগতে দুজন শিক্ষকৰ মৃত্যু হয়।

আনহাতে ১৮ জন শিক্ষাৰ্থী আৰু দুজন শিক্ষকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই তথ্য প্ৰদান কৰিছে ৰাজ্যখনৰ মন্ত্ৰী হৰ্ষ সাংঘৱীয়ে।

জানিব পৰা মতে, বনভোজৰ বাবে শিক্ষাৰ্থীৰ দলটোৱে হাৰ্নি হ্ৰদত নৌকা যাত্ৰা কৰি থকা অৱস্থাত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা।

গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰী সাংঘৱীয়ে সাংবাদিকৰ আগত কয়, ‘নাও দুৰ্ঘটনাৰ ঘটনাত ১২ জন ছাত্ৰ-ছাত্ৰী আৰু দুজন শিক্ষকৰ মৃত্যু হয়। মুঠ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু দুগৰাকী শিক্ষকক উদ্ধাৰ কৰা হয়। নাওখনত মাত্ৰ ১০ জন ছাত্ৰ-ছাত্ৰীয়েহে লাইফ জেকেট পিন্ধিছিল, যিয়ে প্ৰমাণ কৰে যে ঘটনাৰ বাবে আয়োজকসকল দায়ী’।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ আৰু ৩০৮ ধাৰাৰ অধীনত এফআইআৰ পঞ্জীয়ন কৰা হৈছে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, নাওখনত ২৩ গৰাকী শিক্ষাৰ্থী আৰু চাৰিগৰাকী শিক্ষকসহ সৰ্বমুঠ ২৭ গৰাকী লোক আছিল।

ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কৰুণ ঘটনাত দুখ প্ৰকাশ কৰি মৃতসকলৰ আত্মীয়ক দুই লাখকৈ এককালীন সাহায্য আৰু আহত সকলক ৫০ হাজাৰকৈ টকা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে।

Comments (0)
Add Comment