বৰ্তমান সময়ত সকলোৰে বাবে ‘ষ্টাইল ষ্টেটমেন্ট’ হৈ পৰিছে ‘টাটু’।কোনোবাই ডিঙিত,হাত,বাহুত,বা শৰীৰৰ বিভিন্ন অংগত নিজৰ পচন্দৰ আখৰ,ছবিৰ টাটু অংকন কৰায় ।কোনো কোনোৱে টাটু যোগে গোটেই শৰীৰটোৱেই কেনভাছলৈ ৰূপান্তৰিত কৰিছে।যুৱক-যুৱতীসকলে নিজৰ প্ৰেমিক-প্ৰেমিকাৰ ফটো বা নামো অংকন কৰে শৰীৰত। সম্পৰ্ক স্থায়ী নহ’লেও শৰীৰত ৰৈ যায় টাটু।ফলত টাটু আঁতৰোৱাৰ বাহিৰে আন বিকল্প নোলায়। শেহতীয়াকৈ উন্নত লেজাৰ প্ৰযুক্তিৰ সহায়ত টাটু আঁতৰোৱা সম্ভৱ হৈছে। কিন্তু এই প্ৰক্ৰিয়া বৰ সহজ নহয়।টাটু আঁতৰাবলৈ লেজাৰ ট্ৰিটমেন্ট কৰাৰ আগত এইকেইটা কথা নাপাহৰিব।
১)টাটু কৰাতকৈও আঁতৰোৱাটো বেছি কষ্টকৰ। বিশেষকৈ শৰীৰৰ কোমল অংশত টাটু কৰিলে বিষ বেছি হয়। গতিকে সেই ঠাইত এনাস্থেছিয়াৰ দ্বাৰা টাটু কৰাই ভাল।
২)এদিনতে ধুনীয়া টাটু এটি সম্পূৰ্ণকৈ পোৱা সহজ নহয়।টাটু কৰিবলৈ প্ৰায় ৮ৰ পৰা ৯টা চেচন লাগে।টাটুটোৱে কিমান সময় লয় সেয়া নিৰ্ভৰ কৰে আকাৰ,ৰং আদিৰ ওপৰত।
৩)বেছিভাগ সময়ত লেজাৰ কৰিলেও ছালত দাগ থাকি যায়।
৪)টাটু কৰাৰ বা আঁতৰোৱাৰ পিছত উপযুক্ত যত্নৰ প্ৰয়োজন।বহু সময়ত এলাৰ্জি, ফোঁহা,ৰঙা পৰা দেখা যায়।
৫)টাটু কৰাৰ খৰচৰ দৰেই টাটু আঁতৰোৱাৰ খৰচো বেছি। গতিকে খৰচৰ দিশটো মনত ৰাখিব লাগে।