ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা; জানক অযোধ্যাত কেনে হ’ব নিৰাপত্তা ব্যৱস্থা?

দেশবাসীয়ে অধীৰ আগ্ৰহেৰে ৰৈ থকা বিষেশ ক্ষণ তথা দিনটো সমাগত। অহা ২২ জানুৱাৰীত অযোধ্যাস্থিত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিব ৰামলালাৰ।

এনে এক অনুষ্ঠানৰ বাবে অযোধ্যাত নিৰাপত্তা সুনিশ্চিত কৰাটোৱেই হৈছে আৰক্ষী প্ৰশাসনৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। সেয়ে অযোধ্যাৰ প্ৰতিটো চুকে-কোণে তীক্ষ্ণ নজৰ ৰখা হৈছে।

ৰামভক্তৰ ভিৰ নিয়ন্ত্ৰণ আৰু নিৰাপত্তাৰ ব্যৱস্থাত কোনো ধৰণৰ ত্ৰুটি যাতে ৰৈ নাযায় তাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ সহায়ও লোৱা হৈছে।

২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধনৰ পূৰ্বে অযোধ্যাত নিৰাপত্তাৰ স্তৰ বৃদ্ধি কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ সতৰ্কবাণীৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে অযোধ্যা আৰু ইয়াৰ আশে-পাশে প্ৰায় ১২০০০ নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে।

১০০০০ চিচিটিভি স্থাপন কৰা হৈছে। ইয়াৰ উপৰি নিৰাপত্তা উলংঘা আৰু আনুষংগিক ভাবুকিৰ ওপৰত চকু ৰাখিবলৈ কৃত্ৰিম বুদ্ধিমত্তাও ব্যৱহাৰ কৰা হৈছে।

এগৰাকী শীৰ্ষ বিষয়াই কয় যে নিৰাপত্তা ব্যৱস্থাত কঠোৰ নজৰ ৰাখিবলৈ ইণ্টিগ্ৰেটেড কণ্ট্ৰোল ৰুম স্থাপন কৰা হৈছে।

সন্দেহজনক কাৰ্যকলাপ চিনাক্ত কৰা তথা দুস্কৃতিকাৰীৰ ওপৰত চকু ৰাখিবলৈ নিৰাপত্তা সংস্থাই প্ৰথমবাৰৰ বাবে এআই নিৰীক্ষণ ব্যৱস্থা ব্যৱহাৰ কৰিব।

উল্লেখ্য যে, অহা ২২ জানুৱাৰীৰ দুপৰীয়া ১২:৩০ বজাত অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰামলালাৰ। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ৬০০০ গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে ৪০০০ সাধু।

Comments (0)
Add Comment