নিজ দেশ এৰি মিজোৰামলৈ পলাই আহিল ৬০০ সৈনিক; চিন্তিত ৰাজ্য চৰকাৰ

ম্যানমাৰৰ সামৰিক জুণ্টা চৰকাৰ আৰু বিদ্ৰোহী গোটৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে ম্যানমাৰৰ শ-শ সেনাই নিজ দেশ ত্যাগ কৰি প্ৰৱেশ কৰিছে ভাৰতত।
চুবুৰীয়া ৰাষ্ট্ৰখনত চলা অচলাৱস্থা আৰু বিদ্ৰোহী গোটৰ ইখনৰ পিছত সিখন চহৰ দখলত সন্ত্ৰষ্ট হৈ দেশখনৰ শ-শ সেনা পলাই আহি ভাৰতৰ মিজোৰামত আশ্ৰয় লৈছে।
এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মিজেৰাম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ লিখিছে পত্ৰ। চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈনিকসকলক পুনৰ নিজ দেশলৈ প্ৰত্যাৰ্পণ কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰক দাবী জনাই মিজোৰাম চৰকাৰে।
শেহতীয়াকৈ, ম্যানমাৰৰ পৰা প্ৰায় ৬০০ সেনাই নিজ দেশ এৰি ভাৰতত প্ৰৱেশ কৰিছে। তেওঁলোক মিজোৰামৰ লাংটলাই জিলাত আশ্ৰয় গ্ৰহণ কৰি আছে।
চৰকাৰী সূত্ৰৰ মতে, পশ্চিম ম্যানমাৰ ৰাজ্যৰ ৰাখাইনত থকা আৰাকান আৰ্মী নামৰ জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনৰ উগ্ৰপন্থীয়ে নিজৰ শিবিৰ দখল কৰে। অসম ৰাইফলছৰ শিবিৰত জোৱানসকলক আশ্ৰয় দিয়া হৈছে।
শ্বিলঙত অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ বৈঠকৰ পূৰ্ণাংগ অধিবেশনত মিজোৰামৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী লালডুহোমাই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এই বিষয়ত বিষদভাৱে আলোচনা কৰে।
চৰকাৰী সূত্ৰ অনুসৰি মিজোৰামে ৰাজ্যখনত আশ্ৰয় লোৱা ম্যানমাৰ সেনা জোৱানসকলক পুনৰ নিজ ৰাজ্যলৈ প্ৰত্যাৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Comments (0)
Add Comment