বোকাখাতৰ বিহৰা গৰু বজাৰত ৮টাকৈ গৰুৰ অস্বাভাৱিক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গৰু কেইটা এখন গাড়ীৰে বজাৰলৈ আনি থকা অৱস্থাতে মৃত্যু হোৱা বুলি জনাইছে বজাৰ কৰ্তৃপক্ষই।
বজাৰ কৰ্তৃপক্ষৰ গা এৰা মন্তব্যৰ বিপৰীতে গাড়ীৰ বহন ক্ষমতাতকৈ অধিক গৰু বোজাই কৰি অনাৰ বাবেই হেঁচা ঠেলাত গৰু কেইটাই মৃত্যুক আকোঁৱালি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
অভিযোগ অনুসৰি, বজাৰলৈ বিক্ৰীৰ বাবে অনা এই গৰু কেইটাৰ মৃত্যু হোৱাৰ ঘটনা বজাৰ কৰ্তৃপক্ষই গাপ দি থৈছিল যদিও চাৰিটা মৃত গৰুসহ এখন গাড়ী লোকচক্ষুৰ আঁৰত বজাৰৰ পিছফালে ৰখাই থোৱা অৱস্থাত সাংবাদিকে প্ৰত্যক্ষ কৰাৰ পিছতে ঘটনা পোহৰলৈ আহে।
আনহাতে আন চাৰিটা মৃত গৰুৰ শুংসূত্ৰ এতিয়াও পোৱা নাই।
উল্লেখ্য যে, দেওবাৰে বিহৰাত বহে গৰু বজাৰ। গোট খাই হাজাৰ-হাজাৰ গৰু। শনিবাৰৰ বিয়লি ভাগৰ পৰাই বেপাৰীয়ে ইয়ালৈ আনে গৰু। কিন্তু পশু চিকিৎসাৰ কোনো প্ৰাথমিক ব্যৱস্থা, গো খাদ্য আৰু পৰ্যাপ্ত পানীৰ ব্যৱস্থা নথকাকৈয়ে চলি আহিছে বজাৰখন।
ইয়াৰ উপৰি, নীতি নিয়ম নমনাকৈয়ে চলি থকা বিহৰা বজাৰলৈ গৰু সৰবৰাহ হয় কেটেল পাৰ্মিট নথকা যান বাহনত।
গৰু সৰবৰাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো এনেদৰে গৰু সৰবৰাহ হৈ থকা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে স্থানীয় মহলত।
ইফালে গাড়ীৰ ভিতৰত গৰুৰ মৃত্যু বোকাখাতত নতুন কথা নহয়। যোৱা বছৰো এখন গাড়ীত ৪৮ টাকৈ গৰুৰ মৃত্যু হৈছিল।