ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সন্মিলিত জোঁট ব্ৰাডাৰহুড এলায়েন্সৰ সৈতে যুদ্ধত তিষ্ঠিব নোৱাৰি সীমান্ত পাৰ হৈ মিজোৰামলৈ পলাই অহা জুণ্টা চৰকাৰৰ ১৮৪ গৰাকী সৈন্যক পুনৰ নিজ দেশলৈ উভতাই পঠিওৱা হৈছে।
মঙলবাৰে এজন অসম ৰাইফলছৰ বিষয়াই এই কথা জানিব দিয়ে। বিষয়াগৰাকীয়ে কয় যে, যোৱা সপ্তাহত ম্যানমাৰৰ মুঠ ২৭৬ গৰাকী সৈনিক মিজোৰামত প্ৰৱেশ কৰিছিল আৰু ইয়াৰে ১৮৪ গৰাকীক সোমবাৰে নিজ দেশলৈ প্ৰত্যাৰ্পণ কৰা হয়।
তেওঁ কয় যে ম্যানমাৰ বায়ুসেনাৰ বিমানেৰে ম্যানমাৰৰ সেনাসকলক আইজলৰ সমীপৰ লেংপুই বিমান ঘাটিৰ পৰা চুবুৰীয়া ৰাখাইন ৰাজ্যৰ ছিট্টৱেলৈ প্ৰেৰণ কৰা হয়।
বিষয়াগৰাকীৰ মতে, বাকী ৯২ জন জোৱানক মঙলবাৰে পুনৰ নিজৰ দেশলৈ প্ৰেৰণ কৰা হ’ব।
উল্লেখ্য যে, ১৭ জানুৱাৰীত ম্যানমাৰৰ সৈন্যই দক্ষিণ মিজোৰামৰ লাংটলাই জিলাৰ ভাৰত-ম্যানমাৰ-বাংলাদেশ সীমান্তৰ বাণ্ডুকবাংগা গাঁৱত অস্ত্ৰ-শস্ত্ৰসহ প্ৰৱেশ কৰি অসম ৰাইফলছৰ সহায় বিচাৰিছিল।
পশ্চিম ম্যানমাৰ ৰাজ্যৰ ৰাখাইনত থকা আৰাকান আৰ্মী নামৰ জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনৰ উগ্ৰপন্থীয়ে জুণ্টা চৰকাৰৰ সৈন্যৰ শিবিৰ দখল কৰাৰ পাছতে এই জোৱানসকল মিজোৰামলৈ পলায়ন কৰিছিল।