ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ পৰা আহিছে এক ডাঙৰ খবৰ। হামাছৰ আক্ৰমণত ইজৰাইলৰ ২১ গৰাকী সৈন্য নিহত হোৱা বুলি জানিব পৰা গৈছে।
দুয়ো পক্ষৰ মাজত চলি থকা যুদ্ধৰ মাজতে হোৱা এটা প্ৰচণ্ড বিস্ফোৰণত এই সেনাসকলে প্ৰাণ হেৰুৱায়। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াৰ ফলত দুটাকৈ অট্টালিকা সম্পৰ্ণৰূপে ধ্বংস হৈ যায়।
উল্লেখ্য যে, হামাছৰ সৈতে চলি থকা যুদ্ধৰ ফলত এই পৰ্যন্ত ২০০ৰো অধিক ইজৰাইলী সেনাৰ মৃত্যু ঘটিছে।
ইজৰাইলৰ সেনাই এই বিস্ফোৰণৰ কাৰণ জানিবলৈ চেষ্টা চলাই আছে। জানিব পৰা মতে, বিস্ফোৰণ সংঘটিত হোৱা অট্টালিকাটোত বৃহৎ পৰিমাণৰ বিস্ফোৰক ৰখা হৈছিল। যেতিয়া ইজৰাইলৰ সৈন্য তাত উপস্থিত হৈছিল, তেতিয়া অট্টালিকাটোত আৰ পি জিৰে আক্ৰমণ কৰা হৈছিল, যাৰ ফলত অট্টালিকাটোত ব্যাপক বিস্ফোৰণ ঘটিছিল।
এই বিস্ফোৰণৰ ফলত দুটা অট্টালিকা ধ্বংস হয়। অট্টালিকাৰ ধ্বংসাৱশেষ আৰু বিস্ফোৰণৰ ফলত মৃত্যু হয় এইসকল জোৱানৰ।