প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন কৰা হয়। তেওঁ আছিল অনুষ্ঠানটোৰ মূল আয়োজক।মোহন ভাগত,যোগী আদিত্যনাথ আদিয়ে তেওঁক সহযোগ কৰিছিল। মন্দিৰ চৌহদত ১১ দিনীয়া উপবাস ভংগ কৰিলে প্ৰধানমন্ত্ৰীয়ে।ইয়াৰ পিছত তেওঁ মঞ্চত উঠি দৰ্শকৰ আগত ভাষণ দিয়ে। তাৰপাছত তেওঁ মঞ্চৰ পৰা নামি আহি বিশেষ অতিথিসকলক সম্ভাষণ জনায়।বচ্চনক দেখি কেইমুহুৰ্তমানৰ বাবে থিয় হৈ থাকিল মোদী।মোদীয়ে হাতখনলৈ আঙুলিয়াই কিবা এটা সুধিলে,অমিতাভে উত্তৰ দিলে।ইয়াৰ পিছত অভিষেকে প্ৰধানমন্ত্ৰীক সম্ভাষণ জনায়।সোমবাৰে পুত্ৰ অভিষেকৰ সৈতে অযোধ্যা পালেগৈ অমিতাভ।তাত তেওঁ আম্বানী পৰিয়ালৰ সৈতে প্ৰথম শাৰীতে বহিছিল।ভাষণৰ পিছত যেতিয়া প্ৰধানমন্ত্ৰী নামি আহিছিল,প্ৰথমে আগবাঢ়ি আহি সুধিছে, অমিতাভৰ হাতখন কেনেকুৱা? কিছুদিন পূৰ্বে অভিনেতাজনে নিজেই কৈছিল যে তেওঁৰ অস্ত্ৰোপচাৰ কৰোঁৱা হৈছে।লগতে ছ’চিয়েল মিডিয়াত বেণ্ডেজ লগোৱা হাতৰ ছবিও শ্বেয়াৰ কৰিছিল। অস্ত্ৰোপচাৰৰ কথা মনত ৰাখি অভিনেতাগৰাকীৰ হাতত খবৰ লৈ সুখ-দুখৰ আদান-প্ৰদান কৰে মোদীয়ে। ইতিমধ্যে অযোধ্যাত মাটি ক্ৰয় কৰিছে অমিতাভে ।বিগ বিৰ নতুন ঘৰ তাতেই নিৰ্মাণ কৰা হ’ব ।প্ৰায় ১০ হাজাৰ বৰ্গফুট এলেকাৰ সৰযু নদীৰ পাৰত নিৰ্মাণ হ’ব অমিতাভৰ নতুন ঘৰ।