লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাঙিব পাৰে INDIA মিত্ৰজোঁট! নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকা সময়তে বিৰোধী মৰ্চাত জোকাৰণি। সমাগত লোকসভা নিৰ্বাচনত পশ্চিমবংগত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে। কংগ্ৰেছে টিএমচিৰ প্ৰস্তাৱ গ্ৰহণ কৰা নকৰাত এই সিদ্ধান্ত গ্ৰহণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
মমতা বেনাৰ্জীয়ে কয় – ‘কংগ্ৰেছৰ সৈতে মোৰ কোনো আলোচনা হোৱা নাই। মই সদায় কৈ আহিছো যে বংগত আমি অকলে নিৰ্বাচনত যুঁজিম। আমি এটা ধৰ্মনিৰপেক্ষ দল আৰু বংগৰ অন্তৰ্ভুক্ত। আমি অকলে বিজেপিক পৰাজিত কৰিম। মই INDIA allianceৰ অংশ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আমাৰ ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে কিন্তু আমাক এই বিষয়ে অৱগত কৰা নাই।‘
উল্লেখ্য যে দীৰ্ঘদিন ধৰি আসন ভাগ-বতৰাক লৈ TMC আৰু কংগ্ৰেছত চলি আছিল মতানৈক্য। সূত্ৰ অনুসৰি পশ্চিমবংগত কংগ্ৰেছে দাবী কৰিছে ১০ৰ পৰা ১২ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছক মাত্ৰ দুখন আসন এৰি দিবলৈ সাজু টিএমচি। কিন্তু টিএমচিৰ এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ প্ৰস্তুত নহয় কংগ্ৰেছ। টিএমচিয়ে ২০১৯ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰা দুখন আসন বাহাৰমপুৰ আৰু মালদা দক্ষিণৰ প্ৰস্তাৱ দিছিল। কিন্তু এই প্ৰস্তাৱত সন্মত হোৱা নাই কংগ্ৰেছ। ইয়াৰ পাছতেই মমতা বেনাৰ্জীৰ দল টিএমচিয়ে বংগৰ ৪২ খন আসনত অকলে প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মমতা বেনাৰ্জীৰ এই ঘোষণাৰ পাছতেই সংকটত INDIA মৰ্চা।
বংগত অকলে টিএমচিয়ে প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বংগত মমতাই কিম জঙৰ ভূমিকা পালন কৰি আছে। বংগত টিএমচি আঁতৰ হোৱাটো অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে।