হিংসাজৰ্জৰ মণিপুৰত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। অসম ৰাইফলছৰ এজন জোৱানে নিজৰ সতীৰ্থৰ ওপৰত অতৰ্কিতে গুলীচালনা কৰাৰ পিছত নিজেই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ খবৰ আহিছে।
এই ঘটনাত ৬ গৰাকী জোৱান গুৰুতৰভাৱে আহত হয়। অৱশ্যে এই ঘটনাক মণিপুৰত চলি থকা গোষ্ঠীগত সংঘাতৰ সৈতে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে কৰ্তৃপক্ষই।
দক্ষিণ মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত নিয়োজিত আছাম ৰাইফলছ বেটেলিয়নত এই ঘটনা সংঘটিত হৈছে।
আঘাতপ্ৰাপ্ত আটাই কেইজন জোৱান মণিপুৰৰ বাসিন্দা নহয় আৰু তেওঁলোকক মিলিটাৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি এক বিবৃতিযোগে জনাইছে মণিপুৰ আৰক্ষীয়ে।
‘অসম ৰাইফলছৰ এজন জোৱানে সতীৰ্থৰ ওপৰত গুলী চলাই ৬ জন জোৱানক আঘাতপ্ৰাপ্ত কৰাৰ পিছত নিজেই মূৰত গুলীয়াই আত্মহত্যা কৰে। আঘাতপ্ৰাপ্ত আটাই কেইজন জোৱানক মিলিটাৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোক বৰ্তমান সুস্থিৰ’, মণিপুৰ আৰক্ষীয়ে এই কথা জনায়।
ইফালে কি কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত হ’বলৈ পালে তাৰ বাবে তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে মণিপুৰ আৰক্ষীয়ে।