ৰাম মন্দিৰ নিৰ্মাণক লৈ ৫৭ খন মুছলমান দেশৰ ক্ষোভ!

ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই এতিয়া ৰামভক্তিত লীন দেশবাসী। অযোধ্যাৰ ৰাম মন্দিৰৰ স্থাপনক লৈ গৌৰাৱান্বিত সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে ৰাম মন্দিৰ নিৰ্মাণক ভাৰতক সমালোচনা কৰিছে Organisation of Islamic Cooperation-এ। পাকিস্তানৰ পাছত এইবাৰ ৰাম মন্দিৰ সন্দৰ্ভত ৫৭ খন মুছলিম দেশৰ সংগঠন OIC-এ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বাবৰি মছজিদ ধ্বংস কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ অভিযোগ তুলি সংস্থাটোৱে ভাৰতক নিন্দা কৰিছে। অ’আইচিৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে অযোধ্যাত ইতিমধ্যে ধ্বংস হোৱা বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণ আৰু উদ্বোধন কৰাটো উদ্বেগজনক।

ইয়াৰ পূৰ্বে পাকিস্তানে বিবৃতি জাৰি কৰা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভাৰতক সমালোচনা কৰিছিল। পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে কয় ‘অযোধ্যাৰ ৫০০ বছৰ পুৰণি বাবৰি মছজিদ ধ্বংস কৰি নিৰ্মাণ কৰা এই মন্দিৰটো ভাৰতৰ গণতন্ত্ৰত কলংকৰ দৰে। ভাৰতত অনাগত সময়ত মুছলমানসকলৰ অন্যান্য ধৰ্মীয় স্থানসমূহকো লক্ষ্য কৰিব পাৰে বুলি অভিযোগ তুলিছে পাকিস্তানে।‘

Comments (0)
Add Comment