মিছাইল আৰু ড্ৰোণেৰে পশ্চিম ইৰাকত থকা ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ ৩ টা ঘাটি ধ্বংস কৰিছে আমেৰিকাৰ সামৰিক বাহিনীয়ে। ৰাষ্ট্ৰপতি জ’ বাইডেনৰ নিৰ্দেশত আমেৰিকান সেনাই ইৰাণ সমৰ্থিত মিলিছিয়া গোট কাতাইব হিজবুল্লাহ আৰু অন্যান্য ইৰানী সমৰ্থিত গোটৰ ৩টা ঘাটিত আক্ৰমণ চলায়।
পূৰ্বে এই সন্ত্ৰাসবাদী গোটে ইৰাকত কেইবাবাৰো আমেৰিকাৰ নিৰাপত্তা বাহিনী আৰু ইয়াৰ দূতাবাসসমূহত আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ প্ৰতিশোধস্বৰূপে এই অভিযান চলোৱা হৈছে বুলি প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে।