এখন মেচতো জয় বা পৰাজয় নোহোৱা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ; জানো আহক সবিশেষ….

ভাৰতীয় ক্ৰিকেট দলৰ বহু খেলুৱৈয়ে গঢ়িছে অনন্য অভিলেখ। বিশ্ব ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটাৰে গঢ়া এনে বহু অভিলেখ আছে যিবোৰ এতিয়ালৈকে ভংগ হোৱা নাই।

আজি আমি আপোনালোকক ভাৰতীয় দলৰ এজন বেটছমেনৰ বিষয়ে জনাম যিয়ে নিজৰ কেৰিয়াৰত কোনো এখন মেচত পৰাস্তও হোৱা নাছিল আৰু জয়ীও হোৱা নাছিল।

আমি উল্লেখ কৰা এই ভাৰতীয় ক্ৰিকেটাৰগৰাকী হৈছে চন্দ্ৰশেখৰ গাডকাৰী। চন্দ্ৰশেখৰ গাডকাৰীয়ে টিম ইণ্ডিয়াৰ হৈ ছখন টেষ্ট মেচ খেলিছিল, য’ত তেওঁৰ প্ৰদৰ্শন ঠিক-ঠাক আছিল।

গাডকাৰীয়ে ৬খন টেষ্ট মেচৰ ১০ ইনিংছত ১২৯ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ৪ বাৰ অপৰাজিত হৈ পেভিলিয়নলৈ উভতি আহিছিল। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ আছিল ৫০ ৰান। তেওঁৰ বেটিং গড় আছিল ২১.৫০।

চন্দ্ৰশেখৰ গাডকাৰী এনে এজন খেলুৱৈ যিয়ে নিজৰ কেৰিয়াৰত এখনো মেচত জয়ী বা পৰাস্ত হোৱা নাছিল। তেওঁ খেলা সকলো মেচ কোনো ফলাফল নোহোৱাকৈয়ে অন্ত পৰিছিল।

ভাৰতীয় দলৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ সেনাত যোগদান কৰিছিল। তেওঁ সেনাবাহিনীত লেফটেনেণ্ট কৰ্ণেল আছিল।

১৯৫৩ চনত প’ৰ্ট অৱ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম টেষ্ট মেচ খেলিছিল। চন্দ্ৰশেখৰে ১৯৫৫ চনত পেছাৱৰৰ খেলপথাৰত পাকিস্তানৰ বিৰুদ্ধে খেলিছিল অন্তিমখন টেষ্ট মেচ।

Comments (0)
Add Comment