যদি আপুনি এমাহ মোৱাইল ফোন ব্যৱহাৰ কৰাৰ পৰা দূৰৈত থাকে তেন্তে আপুনি লাভ কৰিব ৮ লাখ টকা। অবিশ্বাস্য যেন লাগিলেও এটা কোম্পানীয়ে আপোনালৈ আগবঢ়াইছে এই সোণালী সুযোগ। আজি কালি প্ৰত্যেকৰে হাতে হাতে অত্যাধুনিক স্মাৰ্ট ফোন দেখা যায়। স্মাৰ্ট ফোন অবিহনে যেন জীৱন অচল। ৰাতিপুৱা শুই উঠাৰ পৰা নিশা শোৱালৈ প্ৰায়ে আমি স্মাৰ্টফোন ব্যৱহাৰ কৰো। যাৰ বাবে কেতিয়াবা কেতিয়াবা দৈনন্দিন জীৱনত বাধাৰো সৃষ্টি কৰে এই স্মাৰ্টফোনে।
এনে পৰিস্থিতিত, ডিজিটেল ডিটক্স অভিযানৰ অধীনত আমেৰিকাৰ ডায়েৰী কোম্পানী Siggi-এ আৰম্ভ কৰিছে আকৰ্ষণীয় প্ৰতিযোগিতা। এমাহৰ বাবে যিসকল লোকে মোবাইল ফোনৰ পৰা আঁতৰি থাকিব তেওঁলোকে কোম্পানীৰ ফালৰ পৰা লাভ কৰিব ১০ হাজাৰ ডলাৰ অৰ্থাত্ ৮ লাখতকৈ অধিক টকা। চেলেঞ্জ গ্ৰহণ কৰা নিৰ্বাচিত ১০ জন লোকক দিয়া হব এটা বিশেষ বাকচ দিয়া হ’ব য’ত তেওঁলোকে ৰাখিব লাগিব ফোনটো। এই প্ৰতিযোগিতাত জয়ী হোৱা লোকে ১০ হাজাৰ ডলাৰৰ লগতে স্মাৰ্টফোন লক, এটা সুন্দৰ ফ্লিপ ফোন, এমাহৰ প্ৰিপেইড চিম কাৰ্ড আৰু ৩ মাহৰ বাবে দৈ পুৰস্কাৰ হিচাপে লাভ কৰিব। ৩১ জানুৱাৰীৰ ভিতৰত Siggi-ৰ ৱেবছাইট লগ ইন কৰি এই সুযোগ গ্ৰহণ কৰিব পাৰিব।
কোম্পানীটোৰ মতে, এজন সাধাৰণ মানুহে দৈনিক ৪-৫ ঘণ্টা মোৱাইল ফোনৰ নামত খৰচ কৰে। মোৱাইলৰ আসক্তি হ্ৰাস কৰাৰ বাবে কোম্পানীটোৱে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ। কোম্পানীটোৰ ক্ৰিষ্টিনা ড্ৰোচিয়াকে কয় যে এই প্ৰতিযোগিতাখনে মানুহক তেওঁলোকৰ মোবাইল ফোনৰ প্ৰতি থকা আসক্তিৰ পৰা আঁতৰি যাবলৈ অনুপ্ৰাণিত কৰিব।