ৰাছিয়াত ভয়াবহ বিমান দুৰ্ঘটনা; ইউক্ৰেইনৰ ৬৫ গৰাকী যুদ্ধবন্দীৰ মৃত্যু!

ৰাছিয়াত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। ইউক্ৰেইনৰ সীমান্তৱৰ্তী পশ্চিম বেলগ’ৰড অঞ্চলত এখন আইএল-৭৬ নামৰ সামৰিক পৰিবহণ বিমান দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত কমেও ৬৫ জন ইউক্ৰেইনৰ যুদ্ধবন্দী নিহত হৈছে।

দেশখনৰ এটা সংবাদ সংস্থাই জনোৱা মতে, বিমানখনত ছয়জন ক্ৰু মেম্বাৰকে ধৰি আৰু ৯জন লোক আছিল।

এই বিমান দুৰ্ঘটনাটো প্ৰায় ১১ বজা (মস্কোৰ সময় অনুসৰি)ত সংঘটিত হয়। বিমানখনত আছিল ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ ৬৫ জন বন্দী সেনা জোৱান, যিসকলক প্ৰত্যাৰ্পণৰ বাবে বেলগ’ৰড অঞ্চললৈ লৈ যোৱা হৈছিল। বিমানখনত ছয়জন ক্ৰু আৰু আন তিনিজন ব্যক্তিও আছিল।

ৰাছিয়াৰ সামৰিক মহাকাশ বাহিনীৰ এটা দলে ঘটনাৰ তদন্ত চলাবলৈ ইতিমধ্যেই ঘটনাস্থললৈ ৰাওনা হৈছে।

ইফালে কিয়েভৰ পৰা অহা তথ্য অনুসৰি, ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে আইএল-৭৬ নামৰ এই বিমানখনক মিছাইলেৰে উৰুৱাই দিয়ে। এই বিমানখনে ৰাছিয়াৰ এছ-৩০০ এয়াৰ ডিফেন্স চিষ্টেমক মিছাইল যোগান ধৰিবলৈ আহিছিল বুলিও দাবী কৰে ইউক্ৰেইনে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা ভিডিঅ’ত দেখা গৈছে যে স্থানীয় সময় অনুসৰি প্ৰায় ১১ বজাত বেলগ’ৰডৰ পৰা ৭০ কিলোমিটাৰ দূৰৈৰ ইয়াবল’নভি গাঁৱৰ ওচৰত এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ পিছত প্ৰচণ্ড বিস্ফোৰণ ঘটিছিল।

ৰাছিয়া আৰু ইউক্ৰেইনৰ বিপৰীত ভাষ্যই সাধাৰণ লোকক বিপাঙত পেলাইছে যদিও তদন্তৰ পিছতহে এই ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ সত্য সত্যতা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Comments (0)
Add Comment