জীৱশ্রেষ্ঠ মানুহ কিমান বর্বৰ–পৈশাচিক হ’ব পাৰে, সেয়া আকৌ এবাৰ প্রকট হ’ল। অসমৰ বিভিন্ন প্রান্তত বনৰীয়া জীৱ-জন্তু আৰু মানুহৰ সংঘাত এক সমস্যালৈ পর্যবসিত হৈছে।
এই সংঘাতত যদি কেতিয়াবা মানুহৰ মৃত্যু হৈছে, কেতিয়াবা আকৌ প্রাণ হেৰুৱাইছে বনৰীয়া জীৱ-জন্তুৱে৷
শেহতীয়াকৈ বকোৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাৰ হাহিম নোৱাপাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মানৱ জাতিক লজ্জানত কৰি জীৱশ্ৰেষ্ঠই অতি নৃশংসভাৱে এটা লতামাকৰি বাঘক হত্যা কৰি ভক্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
লতামাকৰি হত্যা কৰি ভক্ষণ কৰাৰ অপৰাধত বুধবাৰে নিশা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোক কেইজনক জয়ন্ত ৰাভা, কৃপানন্দ ৰাভা আৰু পুতুল ৰাভা বুলি চিনাক্ত কৰা হৈছে।
বুধবাৰে সংঘটিত হোৱা এই চাঞ্চল্যকৰ ঘটনাটো সন্দৰ্ভত বন বিভাগে ইতিমধ্যেই তদন্ত আৰম্ভ কৰা বুলি জানিব দিয়ে।