‘মই এতিয়াও অৱসৰ ঘোষণা কৰা নাই’, স্পষ্ট কৰি দিলে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে

অলিম্পিক পদক বিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে অৱসৰৰ খবৰক খণ্ডন কৰি এক ডাঙৰ মন্তব্য কৰিছে। সংবাদ মাধ্যমে ভুল উদ্ধৃতিৰে তেওঁৰ অৱসৰৰ বাতৰি প্ৰকাশ কৰা বুলি কয় বক্সাৰগৰাকীয়ে।

‘মই এতিয়াও অৱসৰ ঘোষণা কৰা নাই আৰু এয়া ভুল উদ্ধৃতি দিয়া হৈছে। মই যেতিয়া ঘোষণা কৰিব বিচাৰিম তেতিয়া ব্যক্তিগতভাৱে সংবাদ মাধ্যমৰ সন্মুখলৈ আহিম। মই অৱসৰ ঘোষণা কৰা বুলি কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত দেখিছো, যিটো সঁচা নহয়’, এ এন আইৰ উদ্ধৃতি অনুসৰি মেৰী কমে এইদৰে কয়।

উল্লেখ্য যে, বুধবাৰে অসমৰ ডিব্ৰুগড়ত এক অনুষ্ঠানত অংশ লৈ মেৰী কমে অৱসৰৰ ঘোষণা কৰা বুলি একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি সন্দৰ্ভত তেওঁ কয়, ’২৪ জানুৱাৰীত ডিব্ৰুগড়ৰ এখন বিদ্যালয়ৰ এক অনুষ্ঠানত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰিছিলো। মই কৈছিলো যে মোৰ ভিতৰত এতিয়াও কিবা এটা কৰাৰ ক্ষুধা আছে কিন্তু অলিম্পিকত বয়সৰ বাবে মোক অংশগ্ৰহণ কৰিবলৈ নিদিয়ে। মই মোৰ ফিটনেছত গুৰুত্ব দি আছো আৰু যেতিয়া অৱসৰ ঘোষণা কৰিম তেতিয়া সকলোকে জনাই দিম’।

Comments (0)
Add Comment